ডাউনলোড
মোবাইল এপ

android apple
signal

January 5, 2025 10:51 AM | Pakistan Bomb Blust

printer

পাকিস্তানৰ বেলুচিস্তানত আত্মঘাতী বোমা বিস্ফোৰণত  ৮ জন নিৰাপত্তাৰক্ষীৰ মৃত্যু, ৪০ জন আহত

পাকিস্তানৰ বেলুচিস্তানৰ তুৰবাটৰ ধাং অঞ্চলত যাত্রীবাহী বাহন আৰু আৰক্ষীৰ বাহনক লক্ষ্য কৰি কৰা এটা আত্মঘাতী বোমা বিস্ফোৰণত কমেও ৮ জন নিৰাপত্তাৰক্ষীৰ মৃত্যু হোৱাৰ লগতে ৪০ জনতকৈ অধিক লোক আহত হৈছে। বিচ্ছিন্নতাবাদী সংগঠন বেলুচ লিবাৰেচন আৰ্মীয়ে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে। এখন যাত্রীবাহী বাহন আৰু তাৰ কাষতে থকা আৰক্ষীৰ নিৰাপত্ত বাহনখনৰ ওচৰত বিস্ফোৰণৰ প্ৰবল শব্দ শুনা যায়। যাত্রীবাহী বাহনখনত থকা লোক সকলৰ অধিকাংশই নিৰাপত্তাৰক্ষী বিষয়া আছিল বুলি পাছত জানিব পৰা যায়। আত্মঘাতী বিস্ফোৰণৰ পিছত আৰক্ষী আৰু নিৰাপত্তা বাহিনীয়ে বিস্ফোৰণস্থলীত উপস্থিত হৈ অঞ্চলটো ঘেৰি ধৰে। উদ্ধাৰকাৰী দলে আহত আৰু মৃতসকলক স্থানীয় চিকিৎসালয়লৈ লৈ যায় আৰু পিছত তেওঁলোকে হতাহতিৰ সংখ্যা নিশ্চিত কৰে । চিকিৎসালয়লৈ অনা আহতসকলৰ অধিকাংশৰে অৱস্থা সংকটজনক বুলি আৰক্ষী সুত্ৰই প্ৰকাশ কৰিছে। এটা বিবৃতিত বেলুচ লিবেৰেচন আৰ্মীৰ মজিদ ব্রিগেড গোটে কালি দখলদাৰী পাকিস্তানী সেনাৰ তুৰবাটৰ কনভয়ৰ ওপৰত আত্মঘাতী আক্রমণ চলাই কেইবাজনো সামৰিক জোৱানক হত্যা কৰে। শেহতীয়াকৈ বেলুচিস্তানত বিএলএই সামৰিক কনভয়, নিৰাপত্তা চকী আৰু আৰক্ষীৰ বাহনক লক্ষ্য কৰি ধাৰাবাহিক আক্রমণ চলাই আছে।

অধিক পঢ়ক

সকলো চাওক