পাকিস্তানে কালি সন্ধিয়া তেওঁলোকৰ জিম্মাত থকা ২২ গৰাকী ভাৰতীয় মাছমৰীয়াক মুকলি কৰি দিয়ে। মাছমৰীয়াকেইজনে আট্টাৰী-বাঘা যুটীয়া চেকপ’ষ্টৰ মাজেৰে দেশলৈ প্ৰত্যাৱৰ্তন কৰে। উল্লেখযোগ্য যে, ২০২১-২২ চনৰ সময়ছোৱাত সাগৰত মাছ ধৰি থকা অৱস্থাত অসাৱধানতাৱশতঃ তেওঁলোকে পাকিস্তানৰ জলৰাশিত প্ৰৱেশ কৰিছিল। ইয়াৰ বাবে নিৰ্ধাৰিত শাস্তি ভোগ কৰাৰ পাছত তেওঁলোকক মুকলি কৰি দিয়া হয়। এই মাছমৰীয়াসকলৰ ভিতৰত ১৮ গৰাকী গুজৰাটৰ, তিনিগৰাকী ডিউৰ আৰু এগৰাকী উত্তৰ প্ৰদেশৰ। তদুপৰি, তিনিগৰাকী বিশেষভাৱে সক্ষম ব্যক্তি হোৱাৰ লগতে এগৰাকী মুক-বধিৰ বুলি জানিব পৰা গৈছে। আনহাতে, এগৰাকী মাছমৰীয়া কৰ্কট ৰোগত আক্ৰান্ত। মাছমৰীয়াসকলক ঘৰলৈ ওভতাই অনাৰ উদ্দেশ্যে গুজৰাটৰ মৎস্য বিভাগৰ এটা দল ইতিমধে অমৃতসৰত উপস্থিত হৈছে।
Site Admin | February 23, 2025 8:12 PM | Indian Fisherman return to home from Pakistan
পাকিস্তানৰ জিম্মাত থকা ২২ গৰাকী ভাৰতীয় মাছমৰীয়াক মুকলি
