পাকিস্তানত সংঘটিত দুটা পৃথক বাছ দুৰ্ঘটনাত ৩৭ গৰাকী লোক নিহত

পাকিস্তানত আজি সংঘটিত দুটা পৃথক বাছ দুৰ্ঘটনাত ১১ গৰাকী তীর্থ যাত্ৰীকে ধৰি ৩৭ গৰাকী লোক নিহত হোৱাৰ লগতে কেইবাগৰাকীও লোক আহত হয়। বেলুচিস্তানৰ মাক্রন উপকূলীয় ঘাইপথত সংঘটিত প্ৰথমটো দুৰ্ঘটনাত ১১ গৰাকী লোক নিহত হোৱাৰ লগতে ৩৫ গৰাকী লোক আহত হয়। বাছখনত ইৰানৰ পৰা পাঞ্জাব প্ৰদেশলৈ ছিয়া তীর্থযাত্ৰীসকল উভতি আহি আছিল। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি দুৰ্ঘটনাগ্ৰস্ত বাছখনৰ অধিক সংখ্যক যাত্ৰীয়ে লাহোৰ আৰু গুজৰনৱালাৰ। পাক অধিকৃত কাশ্মীৰত সংঘটিত আন এটা দুৰ্ঘটনাত ৩৫ গৰাকী লোক কঢ়িয়াই নিয়া এখন বাছ খাৱৈত বাগৰি পৰে। এই ঘটনাত ২৬ গৰাকী লোক নিহত হোৱাৰ লগতে তিনি গৰাকী লোক আহত হয়। দুর্ঘটনাস্থলীত আৰক্ষী প্ৰশাসনৰ লগতে উদ্ধাৰকাৰী বাহিনী উপস্থিত হয়। ৰাষ্ট্ৰপতি আছিফ আলী জৰ্দাৰীয়ে দুৰ্ঘটনাত নিহত লোকসকলৰ বাবে শোক প্ৰকাশ কৰে।

অধিক পঢ়ক

সকলো চাওক