পাকিস্তানৰ উত্তৰ-পশ্চিম প্রান্তৰ খাইবাৰ পাখটুনখ্ৰৱা প্ৰদেশৰ এটা জনজাতীয় অধ্যুষিত এলেকাত আজি কেইজনমান বন্দুকধাৰীয়ে যাত্রীবাহী বাহনক লক্ষ্য কৰি চলোৱা নিৰ্বিচাৰ গুলীবর্ষণৰ ঘটনাত কমেও ৩৮ জন লোকে প্ৰাণ হেৰুৱাই আৰু অন্য ২৯ জন আহত হয়। প্ৰদেশখনৰ মুখ্য সচিব নদীম অছলম চৌধুৰীয়ে প্ৰকাশ কৰা মতে জনজাতীয় অধ্যুষিত কুৰ্ম জিলাত এই আক্রমণ সংঘটিত হয়। তেওঁ কয়, যে এই ঘটনাত নিহত লোকৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলি আশংকা কৰা হৈছে। প্ৰাপ্ত বাতৰি অনুসৰি যাত্রীবাহী বাহনৰ দুটা কনভয় পেছাবৰৰ পৰা পাৰাছিনাৰ আৰু পাৰাছিনাৰ পৰা পেছাবৰ অভিমুখে গৈ থকা অৱস্থাত সশস্ত্র লোক কেইজনে বাহন কেইখনক লক্ষ্য কৰি গুলীবর্ষণ কৰে।
Site Admin | November 21, 2024 8:07 PM | Pakistan Militant