কেন্দ্রীয় মন্ত্রী এছ পি সিং বাঘেলে আজি গুৱাহাটীৰ খানাপাৰাৰ প্ৰশাসনিক মহাবিদ্যালয়ত পঞ্চায়তীৰাজ মন্ত্ৰ্যালয়ৰ উদ্যোগত আয়োজিত পাঁচ দিনীয়া আবাসীক অনুষদ বিকাশ কাৰ্যসূচী মুকলি কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগত পঞ্চায়ততহে প্রকৃত গণতন্ত্র পোৱা যায় বুলি প্ৰকাশ কৰে। তৃণমূল পৰ্যায়ৰ কৰ্মীসকলে সন্মুখীন হোৱা প্ৰত্যাহ্বান আৰু প্ৰত্যাশা সন্দৰ্ভতো তেওঁ আলোকপাত কৰে। সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত তেওঁ দেশৰ উন্নয়নৰ বাবে স্মার্ট ছিটীৰ দৰে স্মাৰ্ট গাঁৱৰ ধাৰণা গঢ়ি তোলাৰ বিষয়ে গুৰুত্ব আৰোপ কৰে। গ্ৰাম্য অৰ্থনীতি শক্তিশালী কৰাৰ বাবে প্ৰত্যক্ষ লাভালাভ স্থানান্তৰৰ ভূমিকা সন্দৰ্ভতো তেওঁ জোৰ দিয়ে।
Site Admin | September 23, 2024 7:34 PM | SP Singh Baghel