October 6, 2024 11:27 AM | Maldives President

printer

পাঁচদিনীয়া ভ্ৰমণসূচীৰে নতুন দিল্লীলৈ আহিব মালদ্বীপৰ ৰাষ্ট্ৰপতি ড০ মহম্মদ মুইজ্জ

মালদ্বীপৰ ৰাষ্ট্ৰপতি ড০ মহম্মদ মুইজ্জ আজি পাঁচদিনীয়া ভ্ৰমণসূচীৰে নতুন দিল্লীত উপস্থিত হ’ব। এই ভ্ৰমণৰ সময়ছোৱাত মালদ্বীপৰ ৰাষ্ট্ৰপতিগৰাকীয়ে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুমুক সাক্ষাৎ কৰিব। তেওঁ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰি পাৰস্পৰিক স্বার্থজড়িত দ্বিপাক্ষিক ক্ষেত্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বিভিন্ন বিষয়লৈ আলোচনা কৰিব। ড০ মুইজুৱে বেংগালুৰু আৰু মুম্বাইত উদ্যোগপতিসকলৰ সৈতে বৈঠকত মিলিত হ’ব। উল্লেখযোগ্য যে মালদ্বীপ ভাৰত মহাসাগৰ সামুদ্রিক ক্ষেত্ৰৰ এখন গুৰুত্বপূৰ্ণ চুবুৰীয়া ৰাষ্ট্ৰ। ৰাষ্ট্ৰখনে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সকলো সামুদ্রিক ক্ষেত্ৰৰ সুৰক্ষা আৰু বিকাশ চমুকৈ সাগৰ কাৰ্যসূচীৰ লগতে ভাৰতৰ চুবুৰীয়া প্ৰথম নীতি ৰূপায়ণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। ৰাষ্ট্ৰপতিগৰাকীয়ে এই ভ্রমণে দেশ দুখনৰ মাজৰ সহযোগিতামূলক সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ লগতে উভয় দেশৰ জনসাধাৰণৰ মাজৰ সম্পৰ্ককো নতুন গতি দিব বুলি আশা কৰা হৈছে। ইয়াৰ পূৰ্বে মালদ্বীপৰ ৰাষ্ট্ৰপতিগৰাকী প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদী আৰু মন্ত্ৰীসভাৰ সদস্যসকলৰ শপতগ্রহণ অনুষ্ঠানত ভাগ লোৱাৰ উদ্দেশ্যে ভাৰতলৈ আহিছিল।

অধিক পঢ়ক

সকলো চাওক