ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ পাঁচখনীয়া হকী শৃংখলাৰ অষ্ট্ৰেলিয়াৰ পাৰ্থত আজি অনুষ্ঠিত দ্বিতীয়খন খেলত অষ্ট্ৰেলিয়াই ভাৰতক ৪-২ গ’লত পৰাস্ত কৰে। খেলখনত ভাৰতৰ হৈ যোগৰাজ সিং আৰু হৰমণপ্ৰীত সিঙে পেনাল্টিৰ জৰিয়তে দুটা গ’ল দিয়ে। অষ্ট্ৰেলিয়াৰ হৈ জেৰিমি হেৱাৰ্ড, এণ্ডাৰচন জেক’ব আৰু নাথান এফ্ৰমছে গ’ল দিয়ে । উল্লেখ্য যে শৃংখলাৰ তৃতীয়খন খেল বুধবাৰে পাৰ্থত অনুষ্ঠিত হ’ব।
Site Admin | April 7, 2024 9:09 PM | Hockey
পাঁচখনীয়া হকী শৃংখলাৰ দ্বিতীয়খন খেলত ভাৰত অষ্ট্ৰেলিয়াৰ হাতত ৪-২ গ’লত পৰাস্ত
