ডাউনলোড
মোবাইল এপ

android apple
signal

পাঁচখনীয়া টি-টুৱেন্টি শৃংখলাৰ দ্বিতীয়খন খেলত জিম্বাব’ৱেৰ বিৰুদ্ধে ১০০ ৰানত বিজয়ী ভাৰত

ভাৰত আৰু জিম্বাব’ৱেৰ মাজৰ চলিত পাঁচখনীয়া টি-টুৱেন্টি শৃংখলাৰ আজি দ্বিতীয়খন খেলত ভাৰতে জিম্বাব’ৱেক ১০০ ৰানত পৰাস্ত কৰে। খেলখনত ভাৰতে প্ৰথমে বেট ধৰি জিম্বাব’ৱেক জয়ৰ বাবে ২৩৫ ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে। ভাৰতে দুটা উইকেট হেৰুৱাই নিৰ্ধাৰিত ২০ অভাৰত ২৩৪ ৰাণ সংগ্ৰহ কৰে। অভিষেক শৰ্মাই ৪৭টা বলত ১০০ ৰাণ কৰাৰ বিপৰীতে ঋতুৰাজ গাইকোৱাডে ৪৭টা বলত ৭৭ ৰাণ আৰু ৰিংকু সিঙে ২২টা বলত ৪৮ ৰাণ কৰি অপৰাজিত হৈ ৰয়।  জিম্বাব’ৱে ১৮ অভাৰ ৪টা বলত আটাইকেইটা উইকেট হেৰুৱাই ১৩৪ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয়। আজিৰ জয়েৰে ভাৰতে শৃংখলাটোত জিম্বাব’ৱেৰ লগত ১-১ত সমতা স্থাপন কৰে।

অধিক পঢ়ক

সকলো চাওক