ডাউনলোড
মোবাইল এপ

android apple
signal

June 17, 2024 12:49 PM | New Criminal Laws

printer

পহিলা জুলাইৰ পৰা বলৱৎ হবলগীয়া ফৌজদাৰী ন্যায় প্ৰণালীৰ তিনিখন নতুন আইনৰ বিষয়ে সজাগতা কাৰ্যসূচী

কেন্দ্রীয় আইন আৰু ন্যায় মন্ত্ৰ্যালয়ৰ উদ্যোগত কালি কলকাতাত ফৌজদাৰী ন্যায় প্ৰণালীৰ প্ৰশাসনত ভাৰতৰ প্রগতিশীল পথ শীর্ষক এখন সন্মিলন অনুষ্ঠিত হয়। কেন্দ্রীয় আইন আৰু ন্যায় মন্ত্রী অর্জুন ৰাম মেঘৱালে এই সন্মিলন উদ্বোধন কৰি কয় যে, নতুনকৈ কাৰ্যকৰী হবলগীয়া ৩ খন আইনে ভাৰতক ঔপনিবেশিক চিন্তাচৰ্চাৰ পৰা মুক্ত কৰিব। এই তিনিওখন আইন কার্যকৰী হোৱাৰ লগে লগে বিচাৰ প্ৰক্ৰিয়া খৰতকীয়া হোৱাৰ লগতে সমাজৰ পিছপৰা শ্ৰেণীৰ লোকসকলেও সুবিচাৰ লাভ কৰিব। উল্লেখযোগ্য যে, অহা জুলাই মাহৰ পৰা ভাৰতীয় ন্যায় সংহিতা ২০২৩, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা ২০২৩ আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম ২০২৩ কাৰ্যকৰী হব। ভাষণ প্ৰসংগত অর্জুন ৰাম মেঘৱালে কয় যে, নতুন আইন ৩ খনক লৈ একাংশই কিছুমান ভিত্তিহীন অভিযোগ উত্থাপন কৰি আছে। কেন্দ্রীয় মন্ত্রীগৰাকীয়ে কোনো বিশেষজ্ঞৰ সৈতে আলোচনা নকৰাকৈ অথবা ৰাজ্যসমূহৰ পৰামৰ্শ নোলোৱাকৈ আইন কেইখন প্রনয়ন কৰা বুলি উত্থাপন হোৱা অভিযোগ পোনচাটে নাকচ কৰে। উল্লেখযোগ্য যে, ৰাষ্ট্ৰপতিয়ে যোৱা ডিচেম্বৰত অনুমোদন জনোৱা এই আইন তিনিখন পহিলা জুলাইৰ পৰা বলৱৎ হ’ব। মন্ত্ৰ্যালয়ে কৈছে যে, এই আইন তিনিখনৰ বিষয়ে জনসাধাৰণ বিশেষকৈ আইন জগতৰ বিশিষ্ট ব্যক্তি, আইন বলৱৎকাৰী সংস্থা, শিক্ষাবিদ আৰু আইন পাঠ্যক্ৰমৰ ছাত্ৰ-ছাত্ৰীৰ মাজত সজাগতা সৃষ্টি উদ্দেশ্যে আইন পৰিক্ৰমা বিভাগে যোৱা দুমাহত নতুন দিল্লী আৰু গুৱাহাটীত দুখন গুৰুত্বপূর্ণ সন্মিলন অনুষ্ঠিত কৰিছে।

অধিক পঢ়ক

সকলো চাওক