ভাৰতীয় ৰে’ল বিভাগে দুৰ্গা পূজা, দেৱালী আৰু ছট পূজাৰ বাবে অহা পহিলা অক্টোবৰৰ পৰা ৩০ নৱেম্বৰলৈ ৬ হাজাৰতকৈ অধিক বিশেষ ৰে’ল চলাচলৰ ব্যৱস্থা কৰিছে। উল্লেখযোগ্য যে প্ৰতি বছৰে ৰে’ল বিভাগে বর্ধিত যাত্ৰীৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি উৎসৱৰ সময়ছোৱাত বিশেষ ৰে’লৰ চলাচলৰ ব্যৱস্থা কৰি আহিছে। যোৱা বছৰৰ তুলনাত এইবছৰ বিশেষ ৰে’লৰ সংখ্যা বৃদ্ধি হৈছে। যোৱা বছৰ এই সময়ছোৱাত ৪ হাজাৰ ৪২৯খন বিশেষ ৰে’ল চলাচল কৰোৱা হৈছিল। বিশেষ ৰে’লৰ উপৰি ১০৮খন ৰে’লৰ সেৱাত অতিৰিক্ত সাধাৰণ দবা সংযোজন কৰা হৈছে।
Site Admin | September 28, 2024 6:03 PM | Indian Railway | rail | Railway
পহিলা অক্টোবৰৰ পৰা ৩০ নৱেম্বৰলৈ ৬ হাজাৰতকৈ অধিক বিশেষ ৰে’ল চলাচলৰ ব্যৱস্থা ভাৰতীয় ৰে’ল বিভাগৰ
