ডাউনলোড
মোবাইল এপ

android apple
signal

পহলগামৰ সন্ত্রাসবাদী আক্রমণক বিশ্বৰ বিভিন্ন দেশৰ নেতাৰ গৰিহণা

জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্রাসবাদী আক্রমণক বিশ্বৰ বিভিন্ন দেশৰ নেতাই গৰিহণা দিছে। ইৰাণৰ ৰাষ্ট্ৰপতি মচুড পেজেছকিয়ানে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ফোন কৰি জম্মু-কাশ্মীৰৰ সন্ত্ৰাসবাদী আক্ৰমণক গৰিহণা দিয়াৰ লগতে ভুক্তভোগীসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে। সন্ত্ৰাসবাদৰ সৈতে জড়িত কোনো কাৰ্যৰ সপক্ষে কোনো ধৰণৰ যুক্তি থাকিব নোৱাৰে বুলি সহমত প্ৰকাশ কৰি দুয়োগৰাকী নেতাই মানৱতাত বিশ্বাসীসকল সন্ত্ৰাসবাদ বিৰোধী যুঁজখনত দৃঢ়তাৰে থিয় হোৱা উচিত বুলি মন্তব্য কৰে। প্ৰধানমন্ত্ৰীয়ে দেশৰ জনসাধাৰণৰ ক্ৰোধ আৰু যন্ত্ৰণাৰ কথা উল্লেখ কৰি কয়, যে এই সন্ত্রাসবাদী কাৰ্যত জড়িতসকলৰ লগতে ইয়াৰ সমৰ্থকসকলৰ ক্ষেত্ৰতো কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। প্ৰধানমন্ত্ৰীয়ে লগতে কালি বন্দৰ আববাছত সংঘটিত বিস্ফোৰণত নিহত সকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰাৰ লগতে আঘাটপ্রাপ্তসকল আশুআৰোগ্য কামনা কৰে। সংযুক্ত আৰব আমীৰি ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি মহম্মদ বিন জায়েদ আল নাহিয়ানে প্রধানমন্ত্ৰীক ফোন কৰি সন্ত্ৰাসবাদী আক্রমণত নিহতসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে। সন্ত্ৰাসবাদৰ যিকোনো ধৰণ বা ৰূপক সকলোৱে প্ৰত্যাখ্যান কৰা উচিত বুলি দুয়োগৰাকী নেতাই সহমত প্ৰকাশ কৰে।

অধিক পঢ়ক

সকলো চাওক