পশ্চিমবংগৰ ৬টা বিধানসভা সমষ্টিৰ বাবে হ’বলগীয়া উপ-নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰো কালি বিয়লি সামৰণি পৰে। ৰাজ্যখনৰ উত্তৰ-২৪ পৰগনা জিলাৰ হাৰোৱা আৰু নয়হাটী, পশ্চিম মেদিনীপুৰ জিলাৰ মেদিনীপুৰ, আলিপুৰদুৱাৰ জিলাৰ মদাৰীহাট, কোচবিহাৰ জিলাৰ চিতাই আৰু বাঁকুৰা জিলাৰ তলদাংৰাত কাইলৈ ভোটগ্রহণ অনুষ্ঠিত হ’ব। এই উপ-নির্বাচনত ১৫ লাখতকৈও অধিক ভোটদাতাই ৪২ গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য নির্ণয় কৰিব।
নির্বাচন আয়োগে উপ-নির্বাচন সুকলমে অনুষ্ঠিত কৰাৰ বাবে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে।