April 7, 2024 12:40 PM | NIA | West Bangal

printer

পশ্চিমবংগৰ মেদনিপুৰ জিলাত ৰাষ্ট্ৰীয় তদন্ত সংস্থাৰ দলৰ ওপৰত হোৱা আক্ৰমণক লৈ মমতা বেনাৰ্জী নেতৃত্বাধীন ৰাজ্য চৰকাৰক বিজেপিৰ তীব্র সমালোচনা

বিজেপিয়ে পশ্চিমবংগৰ মেদনিপুৰ জিলাত ৰাষ্ট্ৰীয় তদন্ত সংস্থাৰ দলৰ ওপৰত হোৱা আক্ৰমণক লৈ মমতা বেনাৰ্জী নেতৃত্বাধীন ৰাজ্য চৰকাৰক তীব্র সমালোচনা কৰিছে। নতুন দিল্লীত কালি সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত বিজেপিৰ মুখপাত্র ছেহজাদ পুনেৱালাই ৰাজ্যখনৰ আইন শৃংখলা পৰিস্থিতি দিনক দিনে বেয়াৰ পিনে ঢাল খোৱা বুলি অভিযোগ তোলে। ২০২২ চনত বোমা বিস্ফোৰণৰ ঘটনাৰ তদন্তত বাধা সৃষ্টি কৰা আৰু এই ঘটনাৰ সৈতে জড়িত সকলক ৰক্ষণাবেক্ষণ দিয়াৰ উদ্দেশ্যে মমতা বেনাৰ্জী চৰকাৰে ৰাষ্ট্ৰীয় তদন্ত সংস্থাৰ বিষয়াসকলৰ ওপৰত হোৱা এই আক্ৰমণৰ পৰিকল্পনা কৰা বুলিও তেওঁ অভিযোগ কৰে। শ্ৰীপুনেৱালাই কয় যে, ৰাষ্ট্ৰীয় তদন্ত সংস্থাৰ বিষয়াসকলৰ ওপৰত হোৱা আক্ৰমণ আৰু সন্দেশশালীত বিধি বলৱৎকাৰী সঞ্চালকালয়ৰ বিষয়াৰ ওপৰত হোৱা আক্ৰমণৰ শৈলী একেধৰণৰ৷ ইপিনে বিজেপিৰ মুখপাত্ৰ চৰ্দাৰ আৰ পি সিঙে আইন শৃংখলাৰ বিষয় লৈ পাঞ্জাব চৰকাৰ আৰু মুখ্যমন্ত্ৰী ভগৱন্ত মানক তীব্র সমালোচনা কৰে।

অধিক পঢ়ক

সকলো চাওক