October 27, 2024 7:03 PM | Amit Shah

printer

পশ্চিমবংগৰ ভাৰত বাংলাদেশ সীমান্তত যাত্ৰীৰ আগমন-প্ৰস্থান ভৱন আৰু মৈত্ৰী দ্বাৰ নামৰ কার্গো গেট কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ দ্বাৰা উদ্বোধন

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি পশ্চিমবংগৰ ভাৰত বাংলাদেশ সীমান্তৰ পেট্টাপ’ল ভূ-বন্দৰত যাত্ৰীৰ আগমন-প্ৰস্থান ভৱন আৰু মৈত্ৰী দ্বাৰ নামৰ কার্গো গেট উদ্বোধন কৰে। উত্তৰ-২৪ পৰগনা জিলাৰ পেট্টাপ’ল ভূ-বন্দৰ দক্ষিণ এচিয়াৰ সৰ্ববৃহৎ ভূ-বন্দৰ আৰু এই বন্দৰটোৱে ভাৰত আৰু বাংলাদেশৰ মাজত বাণিজ্যৰ গুৰুত্বপূৰ্ণ দ্বাৰৰূপে পৰিগণিত হৈছে। ভাৰত আৰু বাংলাদেশৰ মাজৰ স্থল ভাগেৰে হোৱা বাণিজ্যৰ প্ৰায় ৭০ শতাংশ এই ভূ-বন্দৰৰ মাধ্যমেৰে সম্পন্ন হয়। উল্লেখযোগ্য যে পেট্টাপ’ল ভূ-বন্দৰ ভাৰতৰ অষ্টম বৃহৎ আন্তঃৰাষ্ট্ৰীয় আব্ৰজন বন্দৰ হোৱাৰ লগতে এই বন্দৰটোৱে ভাৰত আৰু বাংলাদেশৰ মাজত দৈনিক ২০ লাখ যাত্ৰীৰ আহ-যাহৰ সুবিধা প্ৰদান কৰিছে। মৈত্রীদ্বাৰ কার্গো গেট দুয়োখন ৰাষ্ট্ৰৰ সন্মতিৰে স্থাপিত এটা যুটীয়া প্ৰকল্প। যোৱা বছৰ ৯ মে’ত শ্ৰীশ্বাহে এই প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিছিল। নিশা নতুন দিল্লীলৈ ঘুৰি যোৱাৰ পূৰ্বে তেওঁ কলকাতাৰ ছৰ্টলেকৰ পূৱ মণ্ডল সংস্কৃতিক কেন্দ্ৰত এটা দলীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰিব।

অধিক পঢ়ক

সকলো চাওক