ডাউনলোড
মোবাইল এপ

android apple
signal

September 19, 2024 12:20 PM

printer

পশ্চিমবংগৰ প্ৰতিবাদকাৰী কনিষ্ঠ চিকিৎসক আৰু ৰাজ্য চৰকাৰৰ বৈঠক সিদ্ধান্ত অবিহনে সমাপ্ত

পশ্চিমবংগৰ প্ৰতিবাদকাৰী কনিষ্ঠ চিকিৎসকসকলৰ সৈতে নবান্নাস্থিত ৰাজ্যিক সচিবালয়ত অনুষ্ঠিত ৰাজ্য চৰকাৰৰ বৈঠকখন কোনোধৰণৰ সিদ্ধান্ত অবিহনে সমাপ্ত হৈছে। ইয়াৰ ফলত কনিষ্ঠ চিকিৎসকসকলে কৰ্মবিৰতি আৰু প্ৰতিবাদ অব্যাহত ৰাখিব বুলি ঘোষণা কৰিছে। কনিষ্ঠ চিকিৎসকসকলে আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় আৰু হস্পিতালত সংঘটিত ধৰ্ষণ আৰু হত্যাৰ গোচৰ সন্দৰ্ভত স্বাস্থ্য সচিবৰ বিৰুদ্ধে অপসাৰণ আৰু অনুশাসনমূলক ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে। তেওঁলোকে কৈছে যে ৰাজ্য চৰকাৰে এই বিষয়সমূহৰ ওপৰত কোনো ধৰণৰ আশ্বাস প্ৰদান কৰা নাই। চিকিৎসকসকলে ৰাজ্যখনৰ মুখ্য সচিবৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকখনৰ বিস্তৃত বিৱৰণ বিচাৰিছিল যদিও চৰকাৰে সেয়াও প্ৰদান নকৰাৰ অভিযোগ উত্থাপিত হৈছে। কালি সন্ধিয়া পাঁচ ঘণ্টাৰো অধিক সময় ধৰি চলা এই বৈঠকত চিকিৎসকৰ ৩০ জনীয়া এটা দলে অংশগ্ৰহণ কৰে। তেওঁলোকৰ দাবীসমূহ আনুষ্ঠানিকভাৱে মানি লৈ ৰূপায়ন নকৰা পৰ্যন্ত এই প্রতিবাদ অব্যাহত থাকিব বুলি কনিষ্ঠ চিকিৎসকসকলে জানিবলৈ দিছে।

অধিক পঢ়ক

সকলো চাওক