April 7, 2024 11:46 AM | NIA

printer

পশ্চিমবংগৰ পূব মেদনিপুৰত ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা NIAৰ ওপৰত আক্রমণ

পশ্চিমবংগৰ পূব মেদনিপুৰ জিলাৰ ভূপতি নগৰত কালি ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা NIAৰ ওপৰত কালি এটা আক্রমণ সংঘটিত হয়। NIAৰ দলটো এটা গোচৰৰ তদন্তৰ উদ্দেশ্যে তালৈ গৈছিল। ২০২২ চনৰ ডিচেম্বৰত ভূপতি নগৰত সংঘটিত বোমা বিস্ফোৰণৰ ঘটনাৰ সৈতে জড়িত তৃণমূল কংগ্ৰেছৰ দুজন স্থানীয় নেতাক নিজৰ জিম্মাত ল’বলৈ যোৱাৰ সময়তে NIAৰ দলটো আক্ৰমণৰ সন্মুখীন হয়। উল্লেখযোগ্য যে বোমা বিস্ফোৰণৰ ঘটনাটোত তৃণমূল কংগ্ৰেছৰ ৩ জন স্থানীয় নেতাৰ মৃত্যু হৈছিল। NIAয়ে এই গোচৰটোৰ তদন্ত কৰি আছে। দলটোৱে তৃণমূল কংগ্ৰেছৰ নেতাকেইজনক কলিকতাত NIAৰ বিশেষ আদালতত হাজিৰ কৰোৱাৰ কথা আছিল। গ্ৰেপ্তাৰ হোৱা মনব্ৰত জানা আৰু বলাইচৰণ মেইতি ভূপতি নগৰ বোমা বিস্ফোৰণৰ ঘটনাত প্ৰত্যক্ষভাৱে জড়িত আছিল। NIAয়ে ইতিমধ্যে এই ঘটনাৰ সন্দৰ্ভত ৮জন লোকক দুবাৰকৈ সোধা- পোছাৰ বাবে মাতিছিল। কিন্তু কোনো এজন লোকেই NIAৰ ওচৰত হাজিৰ হোৱা নাছিল। কালি গ্ৰেপ্তাৰ কৰা লোককেইজনো এই ৮ জন লোকৰ মাজৰেই আছিল।

অধিক পঢ়ক

সকলো চাওক