বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিঙে পশ্চিমবংগৰ আইন-শৃংখলা পৰিস্থিতি সন্দৰ্ভত মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল কংগ্ৰেছক সমালোচনা কৰাৰ লগতে সমগ্ৰ ৰাজ্যখনতে অৰাজকতা বিৰাজ কৰিছে বুলি মত প্ৰকাশ কৰে। এন আৰ চি বিষয়ক লৈ মমতা বেনাৰ্জীয়ে মুৰ্ছিদাবাদৰ প্ৰব্ৰজিত শ্রমিকসকলক বিপথে পৰিচালিত কৰিছে বুলিও শ্রীসিঙে অভিযোগ তোলে। মুৰ্ছিদাবাদৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা বিজেপি প্ৰাৰ্থীৰ সমৰ্থনত জলংগীৰ নৰসিংহপুৰত আয়োজিত এখন জনসভাত ভাষণ প্ৰসংগত শ্রীসিঙে কয় যে, কেন্দ্রীয় চৰকাৰে পশ্চিমবংগৰ বাবে কেইবাখনো উন্নয়নমূলক আঁচনি মুকলি কৰিছে। তৃণমূল কংগ্ৰেছে ধৰ্মৰ নামত বিভাজন সৃষ্টি কৰাৰ বিপৰীতে বিজেপিয়ে সজোৰে ইয়াৰ বিৰোধিতা কৰিছে বুলিও তেওঁ উল্লেখ কৰে।
Site Admin | April 21, 2024 8:22 PM | Rajnath Singh
পশ্চিমবংগৰ আইন-শৃংখলা পৰিস্থিতি সন্দৰ্ভত মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল কংগ্ৰেছক বিজেপিৰ জ্যেষ্ঠ নেতা ৰাজনাথ সিঙৰ সমালোচনা
