পর্যটন, অতি ক্ষুদ্র, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ বা শিক্ষা, স্বাস্থ্য, পৰিবহণ, কৃষি ক্ষেত্রত চৰকাৰে অত্যাধুনিক ব্যৱস্থা গঢ়ি তুলিছেঃ প্ৰধানমন্ত্ৰী মোদী

লালকীল্লাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি ৰাষ্ট্ৰক উদ্দশ্যি দিয়া ভাষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে, পর্যটন, অতি ক্ষুদ্র, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগেই হওক বা শিক্ষা, স্বাস্থ্য, পৰিবহণ, কৃষি অথবা অন্য ক্ষেত্রই হওক সকলো ক্ষেত্রতেই অত্যাধুনিক ব্যৱস্থা গঢ়ি তোলা হৈছে। তেওঁ কয় যে, ভাৰতে সকলো ক্ষেত্ৰত বিশ্ব শ্ৰেষ্ঠ পদ্ধতিসমূহ অন্তর্ভুক্ত কৰি আগবাঢ়িব খোজে। চৰকাৰে নিজৰ নীতিৰ বাবে সকলো ক্ষেত্ৰত জন সমর্থন লাভ কৰিবলৈ সমৰ্থ হৈছে বুলি শ্ৰী মোদীয়ে মন্তব্য কৰে । তেওঁ কয় যে, বেংকিং খণ্ডক সুদৃঢ় কৰি তোলাৰ বাবে ভালেমান সংস্কাৰ গ্ৰহণ কৰা হৈছে আৰু এনে সংস্কাৰৰ বাবে ভাৰতীয় বেংকসমূহে বিশ্বৰ অগ্ৰণী বেংকসমূহৰ মাজত স্থান লাভ কৰিবলৈ সমৰ্থ হৈছে। তেওঁ কয় যে, বেংকসমূহ শক্তিশালী হ’লে আনুষ্ঠানিক অর্থব্যৱস্থাৰ শক্তিও বৃদ্ধি পায়। মহাকাশ খণ্ডত ভালে সংখ্যক ষ্টার্টআপ উদ্যমে আত্মপ্রকাশ কৰিছে বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে কয় যে, ভাৰতবৰ্ষক শক্তিশালী ৰাষ্ট্ৰৰূপে গঢ়ি তোলাৰ ক্ষেত্ৰত মহাকাশ খণ্ড এটা অত্যাৱশ্যকীয় উপাদানৰূপে পৰিগণিত হ’ব পাৰে। চৰকাৰে মহাকাশ খণ্ডক শক্তিশালী কৰি তোলাত গুৰুত্ব আৰোপ কৰি আহিছে বুলি তেওঁ প্ৰকাশ কৰে। শ্ৰী মোদীয়ে কয় যে, এসময়ত সন্ত্ৰাসবাদী আক্ৰমণৰ বলী হোৱা ভাৰতবৰ্ষ সম্প্ৰতি সাহসী আৰু শক্তিশালী হৈ উঠিছে। দেশৰ সশস্ত্র বাহিনীয়ে চলোৱা চাৰ্জিকেল স্ট্রাইক আৰু বিমান আক্রমণক লৈ প্ৰতিগৰাকী ভাৰতীয় গৌৰৱান্বিত বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে, স্বাধীনতাৰ পাছত জনসাধাৰণে যিকোনো সহায়ৰ বাবে চৰকাৰৰ ওচৰত হাত পাতিবলগীয়া হৈছিল কিন্তু তেওঁৰ চৰকাৰে শাসনৰ এই আৰ্হি সলনি কৰিছে আৰু বৰ্তমান চৰকাৰে নিজে হিতাধিকাৰীৰ কাষ চাপিবৈল লৈছে। তেওঁ কয় যে, চৰকাৰে নিজে জনসাধাৰণক গেছ ষ্টোভ, বিদ্যুৎ সংযোগ, পানী আৰু বিত্তীয় সাহাৰ্য প্ৰদান কৰি আছে ৷ তেওঁ কয় যে, বিগত ১০ বছৰত ১০ কোটি মহিলাই মহিলা আত্মসহায়ক গোটত যোগদান কৰিছে আৰু আৰ্থিকভাৱে স্বাধীন হৈছে। তেওঁ কয় যে, মহিলাসকল আর্থিকভাৱে স্বাধীন হ’লে তেওঁলোক পৰিয়ালৰ সিদ্ধান্ত গ্রহণ ব্যৱস্থাৰো অংশ হয় আৰু ইয়াৰ ফলত সামাজিক পৰিৱৰ্তনৰ সূচনা হয়। বৰ্তমানলৈকে দেশৰ আত্মসহায়ক গোটসমূহক ৯ লাখ কোটি টকা প্ৰদান কৰা হৈছে বুলি প্রধানমন্ত্রীয়ে জানিবলৈ দিয়ে।

অধিক পঢ়ক

সকলো চাওক