August 16, 2024 8:30 PM | Pijush Hazarika

printer

পবিতৰা অভয়াৰণ্যৰ পৰিসৰ বৃদ্ধিৰ সন্দৰ্ভত বিচাৰাধীন হৈ থকা গোচৰৰ পৰ্যালোচনা মন্ত্ৰী পীযুষ হাজৰিকাৰ

ৰাজ্যৰ জলসম্পদ মন্ত্রী পীযুষ হাজৰিকাই আজি মৰিগাওঁ জিলাত থকা পবিতৰা অভয়াৰণ্যৰ পৰিসৰ বৃদ্ধি কৰাৰ সন্দৰ্ভত দেশৰ সৰ্বোচ্চ ন্যায়ালয়ত বিচাৰাধীন হৈ থকা গোচৰটোৰ সন্দৰ্ভত সংশ্লিষ্ট কেইবাটাও পক্ষৰ সৈতে বিশদভাৱে আলোচনা কৰে। আলোচনাত ৰাজ্যৰ বন বিভাগৰ দায়িত্বত থকা বিশেষ মুখ্য সচিব এম কে যাদৱ, মৰিগাওঁ আৰু কামৰূপ মহানগৰ জিলা আয়ুক্ত, গুৱাহাটী আৰু নগাওঁ বন সংমণ্ডলৰ বিষয়াৰ লগতে আন বিভাগীয় বিষয়াসকল উপস্থিত থাকে। বৈঠকত বন্য প্রাণীৰ সংখ্যা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি পবিতৰা অভয়াৰণ্যৰ পৰিসৰ বৃদ্ধিৰ বাবে কোনো সমস্যাৰ উদ্ভৱ নোহোৱাকৈ স্থানীয় লোকৰ পৰা কিদৰে ভূমি অধিগ্ৰহণ কৰিব পৰা যায় সেই বিষয়ে আলোচনা কৰা হয়। মন্ত্ৰীগৰাকীয়ে আজি জাগীভকতগাওঁ মণ্ডল কাৰ্যালয়ত জাগীৰোড সমষ্টিত নতুনকৈ অন্তৰ্ভুক্ত হোৱা বঘৰা আৰু দিঘলবড়ী পঞ্চায়তৰ লোকসকলৰ সৈতে মত বিনিময় কৰে। আজিৰ অনুষ্ঠানতে মন্ত্ৰী হাজৰিকাই পঞ্চায়ত দুটাৰ অন্তৰ্গত কেইটামান নামঘৰলৈ সাহায্য সামগ্রী বিতৰণ কৰে ।

অধিক পঢ়ক

সকলো চাওক