পবিত্ৰ ভাদ মাহৰ আজি শেষৰটো দেওবাৰে অসমৰ বিভিন্ন ঠাইৰ সত্ৰ আৰু ৰাজহুৱা নামঘৰসমূহত দৰ্শনাৰ্থীৰ ভীৰ পৰিলক্ষিত হয়। ভকত বৈষ্ণৱ আৰু গোপীনীসকলৰ হৰিনামৰ ধ্বনিৰে সত্ৰ-নামঘৰসমূহ মুখৰিত হৈ পৰে। মাহৰ শেষৰৰটো দেওবাৰে যোৰহাট জিলাৰ ঐতিহাসিক ঢেকিয়াখোৱা বৰনামঘৰতো লক্ষাধিক দর্শনার্থীয়ে প্ৰসংগ আৰু নামত অংশগ্ৰহণ কৰে। একেদৰে গোলাঘাটৰ আঠখেলিয়া বৰনামঘৰ, যোৰহাটৰ মইনাপৰীয়া নামঘৰ, নগাওঁৰ বৰদোৱা সত্ৰ, বৰপেটাৰ কীৰ্তনঘৰ, কোচবিহাৰৰ মধুপুৰ সত্ৰকে ধৰি ঐতিহাসিক ধর্মস্থানসমূহত ভক্তসকলে হৰিনামত নিজকে বিলীন কৰি দিয়া দেখিবলৈ পোৱা যায়। মহানগৰীতো বিভিন্ন নামঘৰ আৰু হৰিমন্দিৰসমূহতো ভক্তপ্ৰাণ ৰাইজে বন্তি প্ৰজলন কৰাৰ লগতে গুৰু দুজনাই প্ৰদৰ্শন কৰি যোৱা পৰম্পৰা অনুসৰণ কৰি নামকীর্তনত অংশগ্ৰহণ কৰে।
গোলাঘাট ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় প্ৰাঙ্গনত বিগত বছৰসমূহৰ দৰে চলিত বছৰতো ভাদ মহীয়া নাম আৰু ভাওনা প্ৰদৰ্শন কাৰ্যসূচী হাতত লোৱা হয়। জিলা আয়ুক্তই উদ্বোধন কৰা কাৰ্যসূচীৰ অংশ হিচাপে মৎস্য অৱতাৰ আৰু চাৰিবেদ উদ্ধাৰ শীৰ্ষক ভাওনাখন প্ৰদৰ্শন কৰা হয়। সহস্ৰাধিক দৰ্শকৰ উপস্থিতিত অনুষ্ঠিত এই কাৰ্যসূচীয়ে অসমীয়া পৰম্পৰা নৱপ্ৰজন্মৰ মাজলৈ আগবঢ়াই নিয়াত সহায় কৰিব বুলি স্থানীয় ৰাইজে মত প্রকাশ কৰে।