কেন্দ্ৰীয় পথ পৰিবহন আৰু ঘাইপথ মন্ত্রী নীতিন গাডকাৰীয়ে পথত নিজৰ আৰু আনৰ সুৰক্ষাৰ বাবে ছাত্র-ছাত্রীসকলক যান বাহন আইন মানি চলিবলৈ আহ্বান জনাইছে। মুম্বাইত ভাৰতৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ দ্বাৰা আয়োজিত পথ সুৰক্ষা অভিযান ২০২৫ ৰ সুৰক্ষা ৰিল’ডেড অনুষ্ঠানত ভাষণ দি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বিগত বৰ্ষত পথ দুৰ্ঘটনা বৃদ্ধি পোৱাৰ কথা উল্লেখ কৰে। তেওঁ লগতে পথ দুৰ্ঘটনা আৰু ইয়াৰ ভুক্তভোগীৰ লগত জড়িত বহুতো পৰিসংখ্যাও প্ৰকাশ কৰে। শ্ৰীগাডকাৰীয়ে শিক্ষানুষ্ঠান আৰু অন্যান্য প্রতিষ্ঠান থকা অঞ্চলত বিগত বৰ্ষতেই পথ দুৰ্ঘটনাত ১০ হাজাৰ লোকে প্ৰাণ হেৰুৱাইছে বুলি জানিবলৈ দিয়ে। শিশুসকলে তেওঁলোকৰ অভিভাৱক আৰু ওচৰ চুবুৰীয়া লোকক প্ৰভাৱিত কৰিব পাৰে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয়, যে শিশুসকলে পথৰ নীতি নিয়ম মানি চলিলে নিজৰ লগতে আনৰো সুৰক্ষা নিশ্চিত হ’ব।
Site Admin | January 6, 2025 7:44 PM | Nitin Gadkari