ডাউনলোড
মোবাইল এপ

android apple
signal

September 25, 2024 6:23 PM | Dindayal Anniversary

printer

পণ্ডিত দীনদয়াল উপাধ্যায়ৰ জন্মবার্ষিকী উপলক্ষে শ্ৰদ্ধা নিবেদন প্ৰধানমন্ত্ৰী,গৃহমন্ত্ৰী, প্ৰতিৰক্ষা মন্ত্ৰীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে পণ্ডিত দীনদয়াল উপাধ্যায়ৰ জন্মবার্ষিকী উপলক্ষে আজি তেওঁৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে। সামাজিক মাধ্যমত দিয়া এটা বার্তাত প্রধানমন্ত্রী মোদীয়ে কয় যে, ৰাষ্ট্রবাদী মহান পণ্ডিতগৰাকীয়ে আৰম্ভ কৰা অন্ত্যোদয়াৰ অৱধাৰণাই উন্নত ভাৰতবৰ্ষৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। দেশৰ প্ৰতি পণ্ডিত দীনদয়াল উপাধ্যায়ে আগবঢ়াই থৈ যোৱা নিষ্ঠা আৰু সেৱা চিৰস্মৰণীয় হৈ ৰ’ব বুলিও তেওঁ মত প্ৰকাশ কৰে। গৃহমন্ত্রী অমিত শ্বাহে পণ্ডিত দীনদয়াল উপাধ্যায়ক এগৰাকী দেশপ্রেমীক, মানৱীয়তাৰ পথ প্ৰদৰ্শক আৰু ৰাজনৈতিক দিশৰ এগৰাকী চিন্তাশীল ব্যক্তি বুলি অভিহিত কৰি কয় যে, অন্ত্যোদয়া সন্দৰ্ভত তেওঁৰ ভাৱধাৰাই সামাজিক সম্প্রীতিক অধিক শক্তিশালী কৰি তুলিছে। এই মহান ব্যক্তিগৰাকীয়ে দেখুৱাই থৈ যোৱা সাংস্কৃতিক ৰাষ্ট্ৰীয়বাদৰ নীতিক অনুসৰণ কৰিয়েই প্রধানমন্ত্ৰী মোদীয়ে, উন্নয়ন দিশত শাৰীৰ একেবাৰে শেষ স্থানত থিয় হৈ থকা লোকজনো যাতে চৰকাৰী আঁচনিৰ দ্বাৰা উপকৃত হোৱাটো নিশ্চিত কৰিব পাৰিছে বুলি শ্ৰী শ্বাহে মত প্ৰকাশ কৰে। আনহাতে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে, পণ্ডিত দীনদয়াল উপাধ্যায়ে কেৱল ভাৰতবৰ্ষতেই নহয়, বৰঞ্চ সমগ্ৰ বিশ্বকেই নতুন অর্থনৈতিক দর্শন উপহাৰ দিয়াৰ লগতে ৰাজনীতিৰ ক্ষেত্ৰত বিশুদ্ধতা আৰু যথাৰ্থতাক প্ৰতিপন্ন কৰি থৈ গৈছে। পণ্ডিতগৰাকীৰ চিন্তাধাৰা তথা সমগ্ৰ জীৱনটোৱেই জীৱন আৰু কৰ্মক তেওঁ সকলোৰে বাবে অনুপ্ৰেৰণাৰ উৎস বুলি আখ্যা দিয়ে।

অধিক পঢ়ক

সকলো চাওক