আজি শিশু দিৱস। দেশৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিনটো প্ৰতিবছৰে শিশু দিৱস হিচাপে পালন কৰা হয়৷ এই দিৱসৰ লগত সংগতি ৰাখি ৰাজ্যৰ বিভিন্ন জিলাৰ অনুষ্ঠান-প্ৰতিষ্ঠান আৰু বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত খেল-ধেমালিৰ লগতে বিভিন্ন কাৰ্যসূচী ৰূপায়ন কৰা হৈছে। অসম বুক অৱ ৰেকৰ্ডছৰ ব্যৱস্থাপনাত আজি গোৱালপাৰা মহাবিদ্যালয়ৰ খেলপথাৰত ১৫৩গৰাকী ছাত্ৰ-ছাত্ৰীৰ সহযোগত ১৫০ ফুট দৈৰ্ঘ্যৰ চিত্ৰপটত অসমৰ লোক-সংস্কৃতি বাদ্যযন্ত্ৰ আৰু অসমৰ জনগোষ্ঠীয় লোকনৃত্যৰ বিষয়ত চিত্র অংকনৰ আয়োজন কৰা হৈছে।
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিনত তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিশু দিৱস উপলক্ষে কণ কণ শিশুসকলক শুভেচ্ছা জনাইছে।
Site Admin | November 14, 2024 12:41 PM | children's day | Jawaharlal Nehru | narendra modi