ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৱে কৈছে যে, পঞ্জাৱ কেন্দ্ৰীয় বিশ্ববিদ্যালয় কেৱল ভাৰতৰ ভিন্ন সংস্কৃতিকে নহয়, বৰং বিদেশৰ সংস্কৃতিকো তুলি ধৰিছে। তেওঁ কয়, যে বিশ্ববিদ্যালয়খনৰ শিক্ষাৰ্থী আৰু শিক্ষকসকলৰ জৰিয়তে দেশৰ বৈচিত্ৰ্যৰ প্ৰতিফলন ঘটিছে। ভাটিন্দা বিশ্ববিদ্যালয়ৰ দশম সমাৱৰ্তন অনুষ্ঠানত অংশগ্ৰহণ কৰি শ্ৰীমতী মুৰ্মুৱে আজি এইদৰে কয়। এনেধৰণৰ বিশ্ববিদ্যালয়সমূহ দেশৰ চহকী সংস্কৃতিৰ প্ৰতিনিদি বুলি উল্লেখ কৰি তেওঁ আশা প্রকাশ কৰে যে, এই বিশ্ববিদ্যালয়খন দেশৰ বৈচিত্ৰ্য, সংহতি আৰু পাৰদৰ্শিতাৰ অবিৰত প্ৰতীক হৈ ৰ’ব।
তখট শ্ৰী দমদমা ছাহিবৰ কথা উল্লেখ কৰি শ্ৰীমতী মুৰ্মুৱে কয়, যে এই অঞ্চলটোক গুৰু গোবিন্দ সিঙে গুৰু কী কাশী হিচাপে নামকৰণ কৰিছিল। এনে এখন পৱিত্ৰ ভূমিক অধ্যয়ন কৰিবলৈ পোৱাটো ছাত্ৰ-ছাত্ৰীসকলৰ বাবে গৌৰৱৰ বিষয় বুলিও তেওঁ উল্লেখ কৰে। ৰাষ্ট্ৰপতিয়ে কয়, যে মহিলাৰ বিকাশ মানেই হৈছে সমাজৰ বিকাশ আৰু শিক্ষিত মহিলাই শক্তিশালী সমাজ গঢ়ে। সমাৱর্তনত মুঠ পদকজয়ীসকলৰ ৬৫ শতাংশই মহিলা হোৱাৰ কথাত আনন্দ প্ৰকাশ কৰি শ্ৰীমতী মুর্মুৱে কয়, যে এইসকল ভাৰত কন্যাই বিকশিত ভাৰত নিৰ্মাণৰ সপোনক আগুৱাই নিব পাৰিব। প্ৰাক্তন ৰাষ্ট্ৰপতি ড০ এ পি জে আব্দুল কালামৰ উদাহৰণ দি শ্রীমতী মুর্মুৱে কয়, যে ড০ কালামা সদায় নিজৰ জীৱনৰ প্ৰতি অনুসন্ধিতসু আছিল আৰু সেয়ে তেওঁ ইতিহাস ৰচনা কৰি গৈছে। এজন সফল ব্যক্তি হোৱাতকৈ এজন ভাল মানুহ হোৱাটো বেছি গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰি তেওঁ কয়, যে নৈতিকতাৰ জোৰত এজন ব্যক্তিয়ে স্থায়ী সাফল্য আৰু সন্মান অৰ্জন কৰিবলৈ সমৰ্থ হয়। শিক্ষার্থীসকলক তেওঁ নৈতিকতাক সাৰথি কৰি লক্ষ্যৰ দিশে আগুৱাবলৈ আহ্বান জনায়। ৰাষ্ট্ৰপতিগৰাকীয়ে আশা প্রকাশ কৰে যে এইসকল যুৱ শিক্ষার্থীয়ে ২০৪৭ চনত এখন বিকশিত ভাৰত গঢ়ি তুলিবলৈ সমৰ্থ হ’ব। আজিৰ সমাৱৰ্তনত ১,০৩১ গৰাকী শিক্ষাৰ্থীক স্নাতকোত্তৰ, ৬০ গৰাকী শিক্ষাৰ্থীক পি এইছ দি ডিগ্ৰী প্ৰদান কৰাৰ লগতে ৪৩ গৰাকী মেধাৱী শিক্ষার্থীক স্বর্ণপদক প্রদান কৰা হয়৷
Site Admin | March 11, 2025 5:09 PM | Droupadi Murmu | President of india
পঞ্জাৱ কেন্দ্ৰীয় বিশ্ববিদ্যালয় কেৱল ভাৰতৰ ভিন্ন সংস্কৃতিকে নহয়, বৰং বিদেশৰ সংস্কৃতিকো তুলি ধৰিছেঃ ৰাষ্ট্ৰপতি
