May 27, 2024 12:15 PM | CM CAMPAIGN

printer

পঞ্জাৱৰ ফৰিদকোট লোকসভা সমষ্টিত মুখ্যমন্ত্রী ডº হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী সভা

মুখ্যমন্ত্রী ডº হিমন্ত বিশ্ব শৰ্মাই কালি পঞ্জাৱৰ ফৰিদকোট লোকসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী তথা জনপ্রিয় কণ্ঠশিল্পী হংসৰাজ হংসৰ হৈ এখন নিৰ্বাচনী সভাত অংশ লয় । সভাত দিয়া ভাষণত ডº শৰ্মাই পঞ্জাৱৰ শাসনাধিস্থিত ভগৱত মান চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰি কয় যে, বৰ্তমানৰ পঞ্জাৱ চৰকাৰে মুঠ জিডিপিৰ ৪৭ শতাংশই ঋণ পৰিশোধৰ নামত খৰচ কৰিবলগীয়া হোৱাত জনকল্যাণমূলক আঁচনি ৰূপায়ণত ব্যৰ্থ হৈছে। তেওঁ লগতে কয় যে পূর্বে পঞ্জাৱ দেশৰ ভিতৰতে অন্যতম আদর্শ ৰাজ্য আছিল যদিও কংগ্ৰেছ আৰু আপৰ চৰকাৰৰ দিনত ৰাজ্যখনত আর্থিক অস্থিৰতাই বিৰাজ কৰিছে। ইয়াৰ বিপৰীতে মুখ্যমন্ত্ৰী ভগৱন্ত মানে ৰাজ্যখনক উদ্ধাৰ কৰাৰ পৰিৱৰ্তে দেশৰ প্ৰচাৰ মাধ্যমত চৰকাৰী বিজ্ঞাপন প্রকাশ কৰি ৰাইজৰ ধন অপব্যৱহাৰ কৰা বুলি তেওঁ কয়। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত পঞ্জাৱতো দ্বৈত ইঞ্জিনৰ চৰকাৰ গঠন হ’লেহে জনসাধাৰণ উপকৃত হ’ব বুলি তেওঁ লগতে উল্লেখ কৰে। যোৱা ১০ বছৰত শ্ৰী মোদীৰ নেতৃত্বত অসম তথা উত্তৰ-পূবত হোৱা দ্রুত উন্নয়নৰ কথা ব্যাখ্যা কৰি ডº শর্মাই লগতে কয় যে, অসমে মুঠ জি ডি পিৰ মাত্ৰ ২৪ শতাংশহে ঋণৰ নামত পৰিশোধ কৰে। পূৰ্বে উত্তৰ-পূবৰ কোনো ৰাজ্যতে বিজেপি চৰকাৰ নাছিল যদিও যোৱা ১০ বছৰত অঞ্চলটোৰ জনসাধাৰণে বিজেপিক আঁকোৱালি লোৱাৰ কাৰণ নৰেন্দ্ৰ মোদীৰ জনমুখী আঁচিন তথা উন্নয়ন বুলিয়েই সভাত ডº শৰ্মাই উল্লেখ কৰে। মোদী চৰকাৰৰ দৃঢ় পদক্ষেপৰ বাবেই উগ্রবাদে অস্থিৰ কৰা উত্তৰ-পূবত এতিয়া শান্তি বিৰাজ কৰাৰ কথা উল্লেখ কৰি ডº শৰ্মাই লগতে কয় যে, ড্ৰাগছৰ সৰবৰাহ বোধৰ ক্ষেত্ৰতো কেন্দ্ৰৰ কঠোৰ নীতিয়ে উত্তৰ-পূৱক সহায় কৰিছে। উগ্রবাদ আৰু ড্ৰাগছৰ সমস্যাৰ পৰা পঞ্জাৱৰ যুৱ প্ৰজন্মক ৰক্ষা কৰিবলৈ বিজেপি চৰকাৰক সমর্থন দিয়াৰ বাবেও মুখ্যমন্ত্রী ডº শৰ্মাই ৰাজ্যখনৰ জনসাধাৰণক আহ্বান জনায়।

অধিক পঢ়ক

সকলো চাওক