আসন্ন পঞ্চায়ত নিৰ্বাচনৰ বাবে কাইলৈ মনোনয়ন পত্র প্রত্যাহাৰৰ অন্তিম দিন। বিয়নি ৩ বজাত মনোনয়ন পত্র প্রত্যাহাৰৰ সময় উকলি যোৱাৰ পাছত নিৰ্বাচনত প্রতিদ্বন্দ্বিতা আগবঢ়োৱা প্ৰাৰ্থীৰ চূড়ান্ত তালিকা প্রকাশ কৰা হ’ব। ৰাজ্যৰ বিভিন্ন ঠাইত প্রার্থীসকলে নির্বাচনৰ বাবে প্ৰচাৰ আৰম্ভ কৰিছে। জিনা আয়ুক্তসকলে ভিন ভিন স্থানত স্থাপন হ’বলগীয়া ষ্ট্ৰং ৰম আৰু গণনা কক্ষৰ স্থান পৰিদৰ্শন কৰাৰ উপৰি নিৰ্বাচনৰ বিভিন্ন দিশ তথা কাম-কাজৰ বুজ লৈছে।
Site Admin | April 16, 2025 1:47 PM | assam panchayat election
পঞ্চায়ত নিৰ্বাচনৰ বাবে কাইলৈ মনোনয়ন পত্র প্রত্যাহাৰৰ অন্তিম দিন
