অসমত চলিত বৰ্ষত হ’বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে আজি কেইবাখনো জিলাৰ পুনৰ নিৰ্ধাৰিত সমষ্টিৰ খচৰা প্ৰকাশ কৰা হয়। সমষ্টিৰ সীমা নির্ধাৰণৰ ক্ষেত্ৰত চৰকাৰে জাৰি কৰা নীতি-নিৰ্দেশনা মৰ্মে প্ৰস্তুত কৰা সচৰা অনুসৰি শোণিতপুৰ জিলাৰ উন্নয়নখণ্ডৰ সংখ্যা পূৰ্বৰ ৭খনৰ ঠাইত ৮খন, গাঁও পঞ্চায়তৰ সংখ্যা ৮২ খনৰ ঠাই ৮৮ খন হৈছে। ৰাজ্য চৰকাৰৰ পঞ্চায়ত ও গ্রামোন্নয়ন বিভাগৰ নিৰ্দেশনাৰ লগত সংযোগ ঘটাই খচৰা প্ৰকাশৰ পাছৰ কামখিনি চলাই নিবৰ বাবে সময়সীমা নির্ধাৰণ কৰি দিয়া হৈছে। এই অনুসৰি কাইলৈৰ পৰা অহা ২০ ছেপ্তেম্বৰলৈকে জিলা আয়ুক্তৰ কাৰ্যালয়ত ব্যক্তিগত তথা ৰাজহুৱা দল সংগঠনৰ আবেদন গ্ৰহণ কৰা হ’ব। পৰহিলৈ এই সন্দৰ্ভত সকলো স্বীকৃতিপ্রাপ্ত ৰাজনৈতিক দলৰ সৈতে আলোচনা অনুষ্ঠিত হ’ব। অহা ২২ ছেপ্তেম্বৰত ব্যক্তিগত তথা ৰাজহুৱা দল সংগঠনৰ পৰা পোৱা অভাৱ-অভিযোগ আদিৰ আবেদনসমূহৰ পৰ্যালোচনা আৰু শুনানিৰ দিন ধাৰ্য কৰা হৈছে। শুনানি গ্রহণৰ পাছত প্ৰয়োজনীয় সংশোধনী আদি কৰি অহা ২৭ ছেপ্তেম্বৰত চূড়ান্ত তালিকা প্ৰকাশ কৰা হ’ব বুলি জিলাৰ আয়ুক্তই সংবাদমেল যোগে জানিবলৈ দিছে। উল্লেখযোগ্য যে সীমা নিৰ্ধাৰণৰ খচৰাৰ প্ৰতিলিপি পঞ্চায়ত কার্যালয়, ব্লক কাৰ্যালয় আৰু চক্রবিষয়াৰ কাৰ্যালয়ত সংশ্লিষ্ট সকলোৱে পঢ়িব পৰাকৈ উপলভ্য কৰা হ’ব বুলি জানিব পৰা গৈছে। চৰাইদেউ জিলাতো ২০০১ চনৰ লোকপিয়লৰ ওপৰত ভিত্তি কৰি জিলাখনৰ অন্তৰ্গত গাঁও পঞ্চায়ত আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ পুনৰ নিৰ্ধাৰণৰ খচৰা আজি প্ৰকাশ কৰা হয়। প্রয়োজনীয় সাল-সলনিৰ পাছত পূৰ্বৰ দৰেই জিলাখনৰ জিলা পৰিষদ সমষ্টিৰ সংখ্যা ৭ খন, গাঁও পঞ্চায়ত সংখ্যা ৩৬ খন, ৱাৰ্ডৰ সংখ্যা ৩৬০ আৰু লোকপিয়ল গাঁৱৰ সংখ্যা ৩২৭ খন হৈছে। পুনৰ নিৰ্ধাৰণৰ খচৰা সন্দৰ্ভত কোনো ওজৰ-আপত্তি থাকিলে অহা ২০ ছেপ্তেম্বৰৰ ভিতৰত জিলা পুনৰ নিৰ্ধাৰণ আয়োগক অৱগত কৰিব পাৰিব বুলি জিলাখনৰ আয়ুক্তই এখন সংবাদমেল যোগে জানিবলৈ দিছে।
Site Admin | September 17, 2024 7:05 PM | panchayat election Assam