ডাউনলোড
মোবাইল এপ

android apple
signal

পঞ্চায়ত নিৰ্বাচনত প্ৰাৰ্থীৰ ধন ব্যয়ৰ সীমা বৃদ্ধি কৰি ৰাজ্যিক নিৰ্বাচন আয়োগৰ নিৰ্দেশনা জাৰি

পঞ্চায়ত নিৰ্বাচনত প্ৰাৰ্থীৰ ধন ব্যয়ৰ সীমা বৃদ্ধি কৰি ৰাজ্যিক নিৰ্বাচন আয়োগে কালি এটা নিৰ্দেশনা জাৰি কৰিছে। সেই অনুসৰি ২০১২ চনৰ নিৰ্বাচনৰ তুলনাত এইবাৰ ডেৰশ শতাংশ ব্যয় বৃদ্ধিত আয়োগে অনুমোদন জনাইছে। নির্বাচনী ফলাফল ঘোষণা দুমাহৰ ভিতৰতে ব্যয়ৰ হিচাপ জিলা আয়ুক্তৰ জৰিয়তে আয়োগক দাখিল নকৰিলে পৰৱৰ্তী পঞ্চায়ত নিৰ্বাচনতত প্ৰাৰ্থীৰ্গৰাকী প্রতিদ্বন্দ্বিতাত অৱতীৰ্ণ হব নোৱাৰিব বুলি কোৱা হৈছে। উল্লেখযোগ্য যে ২০১২ চনত জিলা পৰিষদৰ প্ৰাৰ্থীৰ বাবে ব্যয়ৰ সীমা ৪ লাখ টকা আছিল। আয়োগৰ সূত্ৰই প্ৰকাশ কৰা মতে এইবাৰ এগৰাকী সদস্যই সৰ্বাধিক ১০ লাখ টকালৈকে ব্যয় কৰিব পাৰিব। জিলা পৰিষদৰ সদস্যৰ সংখ্যা পূৰ্বৰ ৪২০ গৰাকীৰ পৰা পুনৰ গঠনৰ পাছত ৩৯৭লৈ হ্ৰাস পাইছে। ইপিনে আঞ্চলিক পঞ্চায়তৰ প্ৰাৰ্থী পূৰ্বৰ এক লাখ টকাৰ পৰিৱৰ্তে এইবাৰ আঢ়ৈ লাখ টকালৈ ব্যয় কৰিব পাৰিব। আঞ্চলিক পঞ্চায়তৰ সদস্যৰ সংখ্যাও পূৰ্বৰ ১৮৫ৰ পৰা ১৮১লৈ হ্ৰাস পাইছে। গাঁও পঞ্চায়তৰ সদস্যৰ বাবে ব্যয়ৰ সীমা পূৰ্বৰ ১০ হাজাৰ টকাৰ পৰা ২৫ হাজাৰ টকালৈ বৃদ্ধি কৰা হৈছে। সংশোধিত পঞ্চায়ত আইন অনুসৰি এইবাৰৰ পৰা পোনপটীয়াকৈ গাঁও পঞ্চায়তৰ সভাপতি নিৰ্বাচন কৰা নহ’ব। ইয়াৰ পৰিৱৰ্তে গাঁও পঞ্চায়তৰ নিৰ্বাচিত সদস্যৰ মাজৰ পৰা এগৰাকী সভাপতি বাছনি কৰা হ’ব। পঞ্চায়ত নতুন সীমা অনুসৰি গাঁও পঞ্চায়তৰ সংখ্যা পূৰ্বৰ ২ হাজাৰ ২০২ খনৰ পৰা ২ হাজাৰ ১৯৩ লৈ হ্ৰাস পাইছে। উল্লেখযোগ্য যে জানুৱাৰী মাহত দুটা পৰ্যায়ত এই নির্বাচন অনুষ্ঠিত হ’ব বুলি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰীয়ে ইতিপূর্বে ঘোষণা কৰিছে।

অধিক পঢ়ক

সকলো চাওক