ডাউনলোড
মোবাইল এপ

android apple
signal

পঞ্চায়ত নিৰ্বাচনক লৈ ৰাজনৈতিক দলসমূহৰ মাজত তৎপৰতা বৃদ্ধি

Paঅহা ২ আৰু ৭ মে’ত হ’বলগীয়া পঞ্চায়ত নিৰ্বাচনক লৈ ৰাজনৈতিক দলসমূহৰ মাজত তৎপৰতা বৃদ্ধি পাইছে। শাসক-বিৰোধীৰ লগতে নিৰ্দলীয় প্ৰাৰ্থীসকলে ব্যাপক নির্বাচনী প্ৰচাৰ চলাইছে। একেদৰে নির্বাচন সুকলমে পৰিচালনা কৰাৰ বাবে বিভিন্ন জিলা প্রশাসনে ব্যাপক প্রস্তুতি চলাইছে। কামৰূপ জিলাত অহা ৭ মে’ত হ’বলগীয়া দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে জিলাখনৰ প্রিজাইডিং আৰু প’লিং বিষয়াসকলক দুদিনীয়াকৈ প্ৰশিক্ষণ প্ৰদান কৰা হয়। দক্ষিণ কামৰূপ মহাবিদ্যালয়ত এই প্রশিক্ষণ সম্পন্ন কৰা হৈছে। কামৰূপ জিলাৰ পলাশবাৰী, বকো-ছয়গাঁও, ছমৰীয়া, হাজো-শুৱালকুছি আৰু কমলপুৰ বিধানসভা সমষ্টিত জিলা আয়ুক্তই আৰু ৰঙিয়া বিধানসভা সমষ্টিৰ নিৰ্বাচন ৰঙিয়া সমজিলাৰ আয়ুক্তই পৰিচালনা কৰিব। জিলাখনত শান্তিপূর্ণভাৱে নির্বাচন অনুষ্ঠিত কৰিবলৈ ষ্ট্ৰং ৰুম, ভোটগণনা কক্ষ, তিনিটা স্থানত ক্ৰমে- দক্ষিণ কামৰূপ মহাবিদ্যালয়, আমিনগাঁও জিলা আয়ুক্তৰ কাৰ্যালয় আৰু ৰঙিয়াত সুকীয়াকৈ স্থাপন কৰা হ’ব বুলি জিলা আয়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে।
হোজাই জিলা আয়ুক্তৰ কাৰ্যালয়ত আজি জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তৰ প্ৰাৰ্থীসকলৰ সৈতে জিলা আয়ুক্তৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। নির্বাচনী আচৰণ বিধি আৰু অন্যান্য বিষয় সন্দৰ্ভত বৈঠকত আলোচনা কৰা হয়। বৈঠকখনত নিৰ্বাচনী পর্যবেক্ষকৰ লগতে জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়া উপস্থিত থাকে। পঞ্চায়ত নিৰ্বাচনৰ সময়ত প্ৰাৰ্থীসকলে কি কি কৰিব পাৰিব আৰু কি কি কৰিব নোৱাৰিব সেই সন্দৰ্ভত জিলা আয়ুক্তগৰাকীয়ে প্ৰাৰ্থীসকলক বুজাই দিয়ে। সামাজিক বাতাৱৰণ বিনষ্ট কৰিব পৰা কোনোধৰণৰ বক্তব্য প্ৰদান নকৰিবলৈ তেওঁ প্ৰাৰ্থীসকলক আহ্বান জনায়।

অধিক পঢ়ক

সকলো চাওক