ডাউনলোড
মোবাইল এপ

android apple
signal

November 29, 2024 10:50 AM | Assam CM

printer

পঞ্চায়ত নিৰ্বাচনক লৈ ৰাজনৈতিক দলসমূহৰ মাজত কুচকাৱাজ

পঞ্চায়ত নিৰ্বাচনক লৈ ৰাজনৈতিক দলসমূহৰ মাজত কুচকাৱাজ চলি থকাৰ সময়তে অহা ১ৰ পৰা ৫ ফেব্ৰুৱাৰীৰ ভিতৰত নির্বাচন অনুষ্ঠিত কৰাৰ বাবে ৰাজ্যিক নির্বাচন আয়োগত তৎপৰতা আৰম্ভ হৈছে। উল্লেখযোগ্য যে, মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ১০ ফেব্ৰুৱাৰীৰ পূৰ্বেই পঞ্চায়ত নিৰ্বাচন সম্পূৰ্ণ কৰাৰ বাবে কেবিনেটত লোৱা সিদ্ধান্তৰ কথা সদৰী কৰাৰ পাছত এই নিৰ্বাচনক লৈ সম্প্রতি শাসক-বিৰোধী উভয় পক্ষৰ মাজত প্রস্তুতি চলিছে। এই উদ্দেশ্যে পঞ্চায়ত পৰ্যায়ত নিৰ্বাচনৰ বাবে খচৰা ভোটাৰ তালিকা প্রকাশ কৰাৰ কাম-কাজ আৰম্ভ হৈছে। ৰাজ্যিক নির্বাচন আয়োগৰ এটা সূত্ৰই প্ৰকাশ কৰা অনুসৰি পঞ্চায়ত নিৰ্বাচনৰ চূড়ান্ত ভোটাৰ তালিকা প্রকাশ কৰাৰ পূৰ্বে অহা ১০-১১ ডিচেম্বৰত পঞ্চায়ত নিৰ্বাচনৰ খচৰা প্ৰকাশ কৰা হ’ব। আনহাতে ১৪ৰ পৰা ২১ ডিচেম্বৰলৈ খচৰা ভোটাৰ তালিকা আৰু ওজৰ আপত্তি তথা দাবীসমূহ নিষ্পত্তি কৰাৰ লগতে ২৮ ডিচেম্বৰত চূড়ান্ত ভোটাৰ তালিকা প্রকাশ পাব। নির্বাচন আয়োগৰ সূত্ৰটোৱে প্ৰকাশ কৰা অনুসৰি ডিচেম্বৰৰ শেষ ভাগত যদি চূড়ান্ত ভোটাৰ তালিকা প্রকাশ হয় তেন্তে জানুৱাৰীৰ প্ৰথম ভাগত নিৰ্বাচনৰ দিন ঘোষণা কৰা হ’ব ।

অধিক পঢ়ক

সকলো চাওক