গুৱাহাটী উচ্চ ন্যায়ালয়ে পূর্বে পঞ্চায়ত নির্বাচন অনুষ্ঠিত কৰা সন্দৰ্ভত ৰায় স্থগিত ৰখা ৫ খন জিলাতো এই নির্বাচন অনুষ্ঠিত কৰাৰ বাবে অনুমতি দিছে। ন্যায়ালয়ৰ এখন খণ্ড বিচাৰপীঠে আজি এটা গুৰুত্বপূৰ্ণ ৰায়যোগে ৰাজ্যখনৰ এই ৫ খন জিলাত পঞ্চায়ত নির্বাচন অনুষ্ঠিত কৰিবলৈ অনুমতি দিয়ে। খণ্ড বিচাৰপীঠে পূৰ্বৰ এজনীয়া বিচাৰপীঠৰ নিৰ্দেশত স্থগিতাদেশ জাৰি কৰাৰ পৰিপ্ৰেক্ষিতত সকলো পঞ্চায়ততে নির্বাচন অনুষ্ঠিত হোৱাৰ বাট মুকলি হৈ পৰে। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে উচ্চ ন্যায়ালয়ৰ এজনীয়া বিচাৰপীঠে ৯ খন লেখ আবেদনৰ গোচৰ থকা পঞ্চায়তসমূহত নির্বাচন অনুষ্ঠিত কৰাত স্থগিতাদেশ জাৰি কৰি বাকী পঞ্চায়তসমূহত নির্বাচন অনুষ্ঠিত কৰিবলৈ চৰকাৰক অনুমতি দিছে। পাছত এই স্থগিতাদেশক প্রত্যাহ্বান জনাই ৰাজ্য চৰকাৰে উচ্চ ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠত এখন আবেদন দাখিল কৰে। চৰকাৰৰ এই আবেদনৰ শুনানি লৈ আজি উচ্চ ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠে এজনীয়া বিচাৰপীঠৰ নিৰ্দেশনাত স্থগিতাদেশ জাৰি কৰে। উল্লেখযোগ্য যে গুৱাহাটী উচ্চ ন্যায়ালয়ে যোৱা ১২ জানুৱাৰীত ৰাজ্যৰ ৫ খন জিলাৰ বিবদমান ৯ খন পঞ্চায়ত বাদ দি বাকী পঞ্চায়তসমূহত শীঘ্ৰে নির্বাচন অনুষ্ঠিত কৰাৰ ৰায় দিছিল। ইয়াৰ পূৰ্বে ১০ জানুৱাৰীত বিষয়টো সন্দৰ্ভত শুনানি গ্ৰহণ কৰা হৈছিল যদিও ন্যায়ালয় ৰায়দানৰ পৰা বিৰত আছিল।
ন্যায়ালয়ে অহা ৬ ফেব্ৰুৱাৰীত গোচৰসমূহৰ পৰৱৰ্তী শুনানীৰ দিন ধাৰ্য কৰিছে। গোচৰীয়া পক্ষৰ অধিবক্তা এ কে তালুকদাৰে সংবাদমাধ্যমৰ আগত জনোৱা অনুসৰি পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ’লেও ইতিমধ্যে নিৰ্বাচনক লৈ ৰুজু হোৱা গোচৰসমূহৰ শুনানি উচ্চ ন্যায়ালয়ৰ মজিয়াত চলি থাকিব।
Site Admin | January 23, 2025 8:01 PM | Panchayat Election HC