পঞ্চদশ হকী ইণ্ডিয়া ছিনিয়ৰ পুৰুষ ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপ ২০২৫ৰ চূড়ান্ত খেলখনত আজি মধ্যপ্রদেশ পাঞ্জাবৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। খেলখন উত্তৰ প্ৰদেশৰ ঝাঁচিত সন্ধিয়া ৭ বজাত আৰম্ভ হ’ব। ইপিনে বিয়লি ৫ বজাত চেম্পিয়নশ্বিপৰ তৃতীয় আৰু চতুর্থ স্থান নিৰ্ধাৰণকাৰী খেলখনত আয়োজক উত্তৰ প্ৰদেশ মণিপুৰৰ সন্মুখীন হ’ব। যোৱা দেওবাৰে অনুষ্ঠিত প্রতিযোগিতাৰ এখন ছেমি ফাইনেলত মধ্যপ্রদেশে মণিপুৰক ৫-৩ গ’লত আৰু দ্বিতীয়খন ছেমি ফাইনেলত পাঞ্জাবে উত্তৰ প্ৰদেশক ৪-৩ গ’লত পৰাস্ত কৰিছিল।
Site Admin | April 15, 2025 12:50 PM | Hockey India
পঞ্চদশ হকী ইণ্ডিয়া ছিনিয়ৰ পুৰুষ ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপ ২০২৫ৰ চূড়ান্ত খেলত মধ্যপ্রদেশ পাঞ্জাবৰ বিৰুদ্ধে অৱতীৰ্ণ
