July 23, 2024 9:47 AM | Ashok singhal

printer

নৱেম্বৰ মাহত জাইকা পানী যোগান প্ৰকল্পৰ কাম সম্পূৰ্ণ হ’ব বুলি মন্ত্রী অশোক সিংহলৰ ঘোষণা

মন্ত্রী অশোক সিংহলে অহা নৱেম্বৰ মাহত জাইকা পানী যোগান প্ৰকল্পৰ কাম সম্পূৰ্ণ হ’ব বুলি ঘোষণা কৰিছে। এই পানী যোগান প্ৰকল্পৰ কাম সম্পূৰ্ণ হোৱাৰ লগে লগে গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত দেখা দিয়া পানীৰ সংকট হ্ৰাস পাব বুলি আশা কৰা হৈছে। জাইকা পানী যোগান প্ৰকল্পৰ কাম সম্পূৰ্ণ হোৱাৰ পূৰ্বে অহা ছেপ্তেম্বৰ মাহৰ ভিতৰত গুৱাহাটীৰ ১৫ হেজাৰ পৰিয়ালক নলযোগে পানী যোগান ধৰা হ’ব বুলিও মন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে সোণাইঘূলি আৰু নৰকাসুৰত থকা পানীৰ প্ৰকল্পৰ জৰিয়তে আগন্তুক সময়ছোৱাত গুৱাহাটীৰ ৰূপনগৰ, শ্ৰীমন্তপুৰ, জি এছ ৰোড, জটিয়া, লাষ্টগেট, হাতীগাঁও, সৰুসজাই আদি অঞ্চলৰ ৩৫ হেজাৰ ১৭টা পৰিয়ালক পানীযোগান ধৰিব পৰা যাব। ইফালে কেন্দ্রীয় জলশক্তি মন্ত্ৰ্যালয়ৰ ৰাজ্য মন্ত্ৰী ভি সুমন্নাই কেন্দ্ৰীয় চৰকাৰে বিগত পাঁচটা বছৰত জলজীৱন অভিযান ‘হৰ ঘৰ জল’ৰ অধীনত দেশত প্ৰায় ১১ কোটি ৭৫লাখ গ্রামীণ পৰিয়ালক নলযোগে খোৱাপানীৰ সংযোগ প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে। ৰাজ্যসভাত এটা লিখিত উত্তৰত কালি মন্ত্ৰীগৰাকীয়ে এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে ২০১৯ চনত এই অভিযান আৰম্ভ কৰাৰ সময়ত দেশৰ ৩ কোটি ২৩ লাখ গ্রামীণ পৰিয়ালতহে নলযোগে খোৱাপানীৰ সংযোগ প্ৰদান কৰা হৈছিল। সম্প্ৰতি দেশৰ ৭৭ শতাংশ গ্ৰামীণ পৰিয়ালতে নলযোগে খোৱাপানীৰ সংযোগ দিয়া হৈছে বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে ।

অধিক পঢ়ক

সকলো চাওক