প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি লোকসভাত নৱগঠিত মন্ত্ৰী পৰিষদৰ সদস্যসকলক পৰিচয় কৰাই দিয়ে। লোকসভা অধ্যক্ষ নিৰ্বাচনৰ পাছতে শ্রীমোদীয়ে নিম্ন সদনত কেবিনেট মন্ত্রী স্বতন্ত্ৰ ৰাজ্যমন্ত্ৰী আৰু ৰাজ্যমন্ত্ৰীসকলক পৰিচয় কৰাই দিয়ে। পাছত অধ্যক্ষ বিৰলাই ১৯৭৫ চনৰ ২৫ জুনত জৰুৰীকালীন অৱস্থা বলবৎ কৰাৰ কথা স্মৰণ কৰি কয় যে সদনে ইয়াৰ গৰিহণা দিয়ে। তেওঁ লগতে জৰুৰীকালীন অৱস্থাৰ বিৰোধিতা কৰা, আতিশয্যৰ বিৰুদ্ধে যুঁজ দিয়া তথা গণতন্ত্ৰক সুৰক্ষিত কৰাৰ দায়িত্ব পালন কৰাসকলৰ দৃঢ়তাৰ শলাগ লয়। দেশৰ ইতিহাসত এই দিনটো সদায় ক’লা অধ্যায় ৰূপে পৰিগণিত হৈ থাকিব বুলি শ্ৰীবিৰলাই উল্লেখ কৰে। তেওঁ কয় যে প্রাক্তন প্রধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে জৰুৰীকালীন অৱস্থা বলবৎ কৰিছিল আৰু বাবা চাহেব আম্বেদকাৰে প্ৰণয়ন কৰা সংবিধানৰ ওপৰত আক্ৰমণ চলাইছিল। বিৰলাই সদনত মন্তব্য কৰাৰ সময়ত কংগ্ৰেছৰ সদস্যসকলে চৰকাৰৰ বিৰুদ্ধে শ্লোগান দিয়ে। প্রতিবাদী সদস্যসকলে চৰকাৰে সংবিধানৰ আওকাণ কৰা বুলি অভিযোগ উত্থাপন কৰে। সদনে লগতে জৰুৰী অৱস্থাত প্ৰাণ হেৰুওৱা লোকসকলৰ স্মৃতিত মৌনতা অৱলম্বন কৰে। সদনে জৰুৰীকালীন অৱস্থা বলবৎকৰণৰ বিৰোধিতা কৰি এটা প্ৰস্তাৱো গ্ৰহণ কৰে। পাছত সদনৰ কাৰ্যক্ৰমণিকা দিনটোৰ বাবে স্থগিত ৰখা হয়৷
Site Admin | June 26, 2024 8:16 PM | PM Modi introduce