নৰেন্দ্ৰ মোদী চৰকাৰৰ তৃতীয় কাৰ্যকালৰ প্ৰথম এশ দিনৰ ভিতৰত ১৫ লাখ কোটি টকাৰ বিভিন্ন প্ৰকল্পত অনুমোদন জনোৱা হৈছেঃ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কৈছে যে, নৰেন্দ্ৰ মোদী চৰকাৰৰ তৃতীয় কাৰ্যকালৰ প্ৰথম এশ দিনৰ ভিতৰত ১৫ লাখ কোটি টকাৰ বিভিন্ন প্ৰকল্পত অনুমোদন জনোৱা হৈছে অথবা আৰম্ভ কৰা হৈছে। তেওঁ কয় যে, এই সময়ছোৱাত অৰ্থব্যৱস্থাৰ সূদৃঢ়কৰণ, জীৱন ধাৰণ সুগম আৰু দুখীয়া তথা মধ্য বিত্ত শ্ৰেণীৰ জীৱন উন্নত কৰাৰ বাবে ভালেমান সিদ্ধান্ত লোৱা হৈছে। মোদী চৰকাৰৰ তৃতীয় কাৰ্যকালৰ ১০০ দিন সম্পূৰ্ণ হোৱা উপলক্ষে কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহ আৰু তথ্য তথা সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে আজি চৰকাৰৰ কাম-কাজ সন্দৰ্ভত এখন পুস্তিকা আৰু ৮ খন প্ৰচাৰ পত্ৰিকা মুকলি কৰে। নতুন দিল্লীত সাংবাদিকৰ সতে হোৱা কথা বতৰাত শ্ৰীশ্বাহে চৰকাৰে বিগত ১০ বছৰত বিভিন্ন খণ্ডৰ বাবে লোৱা উদ্যমসমূহৰ শলাগ লয়। তেওঁ কয় যে, মোদী চৰকাৰৰ তৃতীয় কাৰ্যকালৰ প্ৰথম এশ দিনৰ ভিতৰত ৩ লাখ কোটি টকা ব্যয়সাপেক্ষ বিভিন্ন আন্তঃগাঠনি প্রকল্পত অনুমোদন দিয়া হৈছে। দেশৰ পথ নেটৱৰ্কক সুদৃঢ় কৰি তোলাৰ বাবে ৫০ হাজাৰ ৬শ কোটি টকা আৱণ্টন দিয়া হৈছে বুলিও তেওঁ প্ৰকাশ কৰে। শ্ৰীশ্বাহে কয় যে ভাৰত মেক ইন ইণ্ডিয়া উদ্যমৰ বলত উৎপাদনৰ আকৰ্ষণীয় স্থলৰূপে পৰিগণিত হৈছে। ইপিনে, পেট্রলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে মোদী চৰকাৰৰ প্ৰথম এশ দিনৰ প্ৰশংসা কৰি কৈছে যে, এই সময়চোৱাত চৰকাৰে অভূতপূৰ্ব কাম-কাজ সম্পন্ন কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণৰ সময়ত শ্ৰীপুৰীয়ে কয় যে, ২০১৪ চনৰে পৰা নগৰীয়া ব্যয় এঘাৰ গুণ বৃদ্ধি পাইছে। শ্ৰীপুৰীয়ে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ৪ কোটিৰো অধিক বাসগৃহ নিৰ্মাণ আৰু উজ্বলা যোজনাকে ধৰি বৰ্তমান চৰকাৰৰ সাফল্যসমূহৰ বিষয়ে আলোকপাত কৰে।

অধিক পঢ়ক

সকলো চাওক