কেন্দ্রীয় মন্ত্রী তথা জ্যেষ্ঠ বিজেপি নেতা পীয়ূষ গোৱেলে আজি কয় যে, বিগত ১০ বছৰত কৰা কামৰ ফলাফল হিচাপে জনসাধাৰণে তৃতীয়টো কাৰ্যকালৰ বাবে এন ডি এ চৰকাৰৰ হৈ জনাদেশ দিছে। দিল্লী বিজেপিৰ বর্ধিত কাৰ্যনিৰ্বাহক সভাৰ উদ্বোধনী সত্ৰত শ্ৰী গোৱেলে কয় যে, মোদী চৰকাৰে বিভিন্ন আঁচনি ৰূপায়ণ কৰি দেশলৈ পৰিৱৰ্তন আনিছে। প্রধানমন্ত্ৰীয়ে তেওঁৰ তৃতীয়টো কাৰ্যকালত তিনি দফীয়া উন্নয়নৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি শ্ৰী গোৱেলে অৱগত কৰে। কংগ্ৰেছক সমালোচনা কৰি শ্ৰী গোৱেলে কয় যে, শেহতীয়া নিৰ্বাচনত দেশৰ জনসাধাৰণে বিৰোধীক নাকচ কৰিছে। ইয়াৰ পূৰ্বে দিল্লী বিজেপিৰ মুৰববী বীৰেন্দ্ৰ সচদেৱাই কয় যে, ৰাষ্ট্ৰীয় ৰাজধানীৰ লোকসভাৰ সাতখন আসন লাভ কৰাৰ জৰিয়তে বিজেপিক ৰাইজে যি আশীৰ্বাদ প্ৰদান কৰিছে সেয়া অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধে উত্থাপিত হোৱা দুৰ্নীতিৰ অভিযোগৰ প্ৰতিফলন। এই বৈঠকত বিজেপিৰ সাংসদ মনোজ তিৱাৰী, ৰামবীৰ সিং বিধুৰী প্ৰমুখ্যে দলৰ অন্যান্য নেতাসকল উপস্থিত থাকে।
Site Admin | July 7, 2024 8:26 PM | Piyush Goyal
নৰেন্দ্ৰ মোদী চৰকাৰে বিভিন্ন আঁচনি ৰূপায়ণ কৰি দেশলৈ পৰিৱৰ্তন আনিছেঃ কেন্দ্রীয় মন্ত্রী পীয়ূষ গোৱেল
