September 17, 2024 12:47 PM | Amit Shah

printer

নৰেন্দ্ৰ মোদী চৰকাৰে দেশৰ সুৰক্ষা ব্যৱস্থাক শক্তিশালী কৰি নিৰাপদ ভাৰত গঢ়ি তুলিছেঃ  গৃহমন্ত্রী অমিত শ্বাহ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কৈছে যে নৰেন্দ্ৰ মোদী চৰকাৰে দেশৰ সুৰক্ষা ব্যৱস্থা শক্তিশালী কৰি তুলিছে আৰু এখন নিৰাপদ ভাৰত গঢ়ি তোলাত সহায় কৰিছে। নতুন দিল্লীত আজি এখন সংবাদমেল সম্বোধন কৰি গৃহমন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে চৰকাৰে বিগত ১০ বছৰত দেশক প্ৰগতিৰ পথেৰে আগুৱাই লৈ যোৱাৰ উদ্দেশ্যে ভালেমান ব্যৱস্থা গ্ৰহণ কৰিছে। তেওঁ কয় যে নৰেন্দ্ৰ মোদী চৰকাৰৰ তৃতীয় কাৰ্যকালৰ প্ৰথম ১০০ দিনৰ ভিতৰত ১৫ লাখ কোটি টাকা ব্যয়সাপেক্ষ ভালেমান প্রকল্পত অনুমোদন দিয়া হৈছে আৰু একাংশ প্ৰকল্পৰ কাম ইতিমধ্যে আৰম্ভ হৈছে। আন্তঃগাঁথনিৰ ক্ষেত্ৰত বৰ্তমান চৰকাৰৰ কাৰ্যকালৰ প্ৰথম ১০০ দিনৰ ভিতৰত ৩ লাখ কোটি টকা মূল্যৰ বিভিন্ন প্ৰকল্পৰ কথা ঘোষণা কৰা হৈছে আৰু এনে প্ৰকল্প ৰূপায়ণৰ কাম আৰম্ভও হৈছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। শ্ৰী শ্বাহে কয় যে প্রধানমন্ত্রী মোদীৰ নেতৃত্বত ৰাষ্ট্ৰীয় শিক্ষানীতি প্ৰৱৰ্তন কৰা হৈছে আৰু এই শিক্ষানীতিত দেশৰ প্ৰাচীন শিক্ষা ব্যৱস্থা আৰু আধুনিক শিক্ষাৰ সমাহাৰ ঘটিছে আৰু আঞ্চলিক ভাষাসমূহকো সন্মান প্ৰদান কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক