উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ভূষণ ৰামকৃষ্ণ গাভাই আজি ভাৰতীয় আইন প্ৰতিষ্ঠানৰ অসম ৰাজ্যিক শাখাৰ উদ্যোগত গুৱাহাটীৰ অসম কৃষি বিশ্ব বিদ্যালয়ৰ আন্তৰাষ্ট্ৰীয় অতিথিশালাৰ প্ৰেক্ষাগৃহত আয়োজিত এটা অনুষ্ঠানত অংশগ্ৰহণ কৰে। ন্যায়াধীশগৰাকীয়ে ভাষণ প্ৰসংগত উচ্চতম ন্যায়ালয়ে বিভিন্ন সময়ত প্ৰদান কৰা ৰায়সমূহে আন আদালতসমূহক গোচৰ মিমাংসাৰ ক্ষেত্ৰত সহায় কৰা সন্দৰ্ভত আলোকপাত কৰে। ন্যায়িক অনুশাসন বজাই ৰাখিবলৈ দৃষ্টান্তমূলক ৰায়সমূহ অতি গুৰুত্বপূৰ্ণ বুলি মত প্ৰকাশ কৰে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিজয় বিষ্ণুয়ে অনুষ্ঠান উদ্বোধন কৰি ভাষণ প্ৰসংগত ভাৰতীয় আইন প্ৰতিষ্ঠানৰ অসম ৰাজ্যিক শাখাই আইনৰ গৱেষণা আৰু প্ৰচাৰৰ ক্ষেত্ৰত গ্ৰহণ কৰা বিভিন্ন কাম-কাজৰ ওপৰত আলোকপাত কৰে। অনুষ্ঠানত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কেইবাগৰাকীও ন্যায়াধীশ, কেৰালা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ, ৰাজ্যৰ মহাধিবক্তা, ন্যায়িক বিষয়া, জ্যেষ্ঠ অধিবক্তাকে ধৰি কেইবাগৰাকীও অধিবক্তা উপস্থিত থাকে ৷
Site Admin | August 4, 2024 7:21 PM | Supreme Court of India