ডাউনলোড
মোবাইল এপ

android apple
signal

নৌবাহিনীৰ চাবমেৰিন আই এন এছ ৱেলা ৩ দিনীয়া কাৰ্যসূচীৰে কলম্বোত উপস্থিত

INS Vela, arrived in Colomboনৌবাহিনীৰ চাবমেৰিন আই এন এছ ৱেলা ৩ দিনীয়া কাৰ্যসূচীৰে আজি কলম্বোত উপস্থিত হয়। শ্ৰীলংকাৰ নৌবাহিনীয়ে চাবমেৰিনখন আনুষ্ঠানিকভাৱে আদৰে। এই সময়ছোৱাত শ্ৰীলংকাৰ নৌবাহিনীৰ বিষয়া তথা চাবমেৰিনখনৰ কৰ্মচাৰীসকলৰ মাজত বিভিন্ন দলীয় অনুশীলন কৰা হয়। থলুৱা কলৱৰি শ্ৰেণীৰ ডিজেল, বৈদ্যুতিক চাবমেৰিন আই এন এছ ৱেলা ২০২১ চনৰ নৱেম্বৰত মুকলি কৰা হৈছিল। কাৰ্যক্ষমতাৰ বিকাশৰ হকে থকা বিশেষ কাৰ্যসূচীৰ অংশ হিচাপে এই পদক্ষেপ হাতত লোৱা হৈছে। অহা বুধবাৰে কলম্বো এৰাৰ পূৰ্বে চাবমেৰিনখনৰ সুবিধাসমূহ সম্পূৰ্ণ কৰি তোলা হ’ব। শ্ৰীলংকালৈ নৌবাহিনী আৰু উপকূলৰক্ষী বাহিনীৰ জাহাজ তথা চাবমেৰিনসমূহৰ নিয়মীয়া আহ-যাহৰ জৰিয়তে দুয়োখন সামুদ্ৰিক ৰাষ্ট্ৰৰ মাজত দ্বিপাক্ষিক সহযোগিতা শক্তিশালী কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অগ্রগতি সাধিত হৈছে। আই এন এছ ৱেলা কলম্বোত উপস্থিত হোৱাৰ জৰিয়তে দেশৰ চুবুৰীয়া প্ৰথম নীতি তথা প্রধানমন্ত্ৰীৰ সাগৰ অৰ্থাৎ অঞ্চলটোত সকলোৰে সুৰক্ষা আৰু বিকাশ পদক্ষেপ প্ৰতিফলিত হৈছে। ইয়াৰ জৰিয়তে সামুদ্রিক নিৰাপত্তা তথা আঞ্চলিক যোগাযোগ শক্তিশালী হ’ব বুলি আশা কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক