ডাউনলোড
মোবাইল এপ

android apple
signal

October 6, 2024 11:59 AM | flood in assam again

printer

নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ বহু অঞ্চল পুনৰ বানৰ কবলত

ৰাজ্যত শেহতীয়াকৈ হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত বহু অঞ্চল পুনৰ বানৰ কবলত পৰিছে। ধেমাজি, ধুবুৰী, মানকাচৰ, গোৱালপাৰা আদিত শেহতীয়াকৈ বানে পুনৰ জটিল ৰূপ ধাৰণ কৰিছে। ধেমাজি জিলাৰ পৰিস্থিতি অধিক জটিল হোৱাৰ বাবে প্ৰশাসনে জোনাইত এটা আশ্রয় শিবিৰ মুকলি কৰিছে। এই শিবিৰত সম্প্ৰতি ১২৯ গৰাকী লোকে আশ্ৰয় লৈ আছে। আনহাতে গোৱালপাৰা জিলাৰ মাটিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত বামুণপাৰাত দুধনৈ নৈৰ বাঢ়নি পানীয়ে বিস্তৃর্ণ অঞ্চল বুৰাই পেলাইছে। নেৰানেপেৰা বৰষুণৰ ফলত নৈখনৰ পানী ওফন্দি উঠাত বান্ধ ছিগি মাটিয়া ৰাজহচক্ৰৰ অন্তৰ্গত বামুনপাৰা গাঁৱৰ লগতে বাকাইটাৰী আৰু নন্দেশ্বৰ গাঁও বুৰাই পেলাই। বাঢ়নি পানীয়ে গাঁও তিনিখনৰ পথ আদি বুৰাই পেলোৱাত ৰাইজৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে।

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আজি উত্তৰ-পূব আৰু দক্ষিণ ভাৰতত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ পূৰ্বাভাস প্ৰকাশ কৰিছে। বিভাগটোৱে কৈছে যে, অনাগত দিনসমূহত উত্তৰ-পশ্চিম, পশ্চিম আৰু মধ্য ভাৰতত বৰষুণৰ কোনো বিশেষ সম্ভাৱনা নাই। অসম, মেঘালয়, অৰুণাচল প্ৰদেশ, আৰু তামিলনাডুত অহা ২-৩ দিনত প্ৰচুৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান বিভাগে আগলি বতৰা দিছে।

অধিক পঢ়ক

সকলো চাওক