June 16, 2024 1:21 PM | Assam Flood

printer

নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ ভিন্ন প্ৰান্তত বান পৰিস্থিতি জটিল

নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ ভিন্ন প্ৰান্তত অব্যাহত থকা বান পৰিস্থিতি এতিয়াও স্বাভাৱিক হোৱা নাই। অসমৰ লগতে চুবুৰীয়া ৰাজ্য অৰুণাচলত হোৱা মুষলধাৰ বৰষুণৰ ফলত কামিয়া, ৰাইনদী আৰু কানিনদীৰ জলপৃষ্ঠ ওফন্দি পৰাত নিলখ আৰু মৰিধল পঞ্চায়ত অন্তর্গত প্রায় ৩০ খন গাঁও বানৰ কবলত পৰিছে। ইপিনে চুবুৰীয়া ৰাজ্য মেঘালয়ৰ অন্তৰ্গত গুৱাহাটী-শিলচৰ সংযোগী ৰাষ্ট্ৰীয় ঘাইপথৰ লুমছুলমত পাহাৰৰ শিল আৰু বৃহৎ ভূমিখণ্ড খহি পৰাত ৰাষ্ট্ৰীয় ঘাইপথটোৰে যাতায়াত ব্যাহত হৈ পৰিছে। ৰাজ্যিক দুৰ্যোগ প্রশমন প্ৰাধিকৰণৰ তথ্য অনুসৰি চলিত বছৰত এইপর্যন্ত বানত ২৫ জন লোকৰ মৃত্যু হৈছে। ইফালে বতৰ বিজ্ঞান বিভাগে ৰেড এলার্ট জাৰি কৰা লামডিং-বদৰপুৰ পাৰ্বত্য খণ্ডৰ ডিমা হাচাও অঞ্চলৰ মাজেৰে যোৱা ৰে’লপথসমূহত বোকাপানী জমা হৈ ৰে’ল আবদ্ধ হৈ পৰিব বুলি আশংকা কৰি উত্তৰ- পূব সীমান্ত ৰে’লৱে অঞ্চলটোৰ মাজেৰে চলাচল কৰি থকা কেইখনমান ৰে’ল বাতিল কৰিছে। সেই অনুসৰি আজি যাত্ৰা আৰম্ভ কৰিবলগীয়া গুৱাহাটী-শিলচৰ-গুৱাহাটী সংযোগী, দুৰ্ল্লভচেৰা-গুৱাহাটী সংযোগী, শিলচৰ- ৰঙিয়া আৰু নিউ তিনিচুকীয়া-শিলচৰ সংযোগী এক্সপ্ৰেছ ৰেলগাড়ী ৪খনৰ সেৱা বাতিল কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক