August 13, 2024 2:00 PM | Archery | SPORTS

printer

নেহৰু ষ্টেডিয়ামত অসম আৰ্চাৰী সন্থাৰ উদ্যোগত প্রথম এন টি পি চি ৰাষ্ট্ৰীয় ৰেংকিং আৰ্চাৰী প্ৰতিযোগিতা

গুৱাহাটী ৰাধা গোবিন্দ বৰুৱাৰ ক্ৰীড়া প্ৰকল্পৰ নেহৰু ষ্টেডিয়ামত অসম আৰ্চাৰী সন্থাৰ উদ্যোগত চলি থকা প্রথম এন টি পি চি ৰাষ্ট্ৰীয় ৰেংকিং আৰ্চাৰী প্ৰতিযোগিতাৰ ছিনিয়ৰ ল’ৰাৰ ৰিকাৰ্ভ শাখাত ৰে’লৱেৰ যশদীপ ভোগে, উত্তৰ প্ৰদেশৰ নীজ চৌহান আৰু পি এছ বিৰ অতনু দাসে শীর্ষ তিনিটা স্থান লাভ কৰিছে। ইফালে, ছিনিয়ৰ ছোৱালী ৰিকাৰ্ভ শাখাত গুজৰাটৰ ভাগোৰা ভাৰ্গৱী, হাৰিয়ানাৰ সংগীতা আৰু মহাৰাষ্ট্ৰৰ সৃষ্টি বালাজীয়ে ক্রমে প্রথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰিছে। কালি ছিনিয়ৰ ল’ৰা আৰু ছোৱালীৰ কম্পাউণ্ড শাখাৰো ফাইনেল খেল অনুষ্ঠিত হয়। ল’ৰাৰ শাখাত দিল্লীৰ প্ৰিয়াংশে প্ৰথম আৰু ছোৱালীৰ শাখাত মহাৰাষ্ট্ৰৰ মাধুৰীয়ে প্ৰথম স্থান লাভ কৰে। কাইলৈ আৰু পৰহিলৈ জুনিয়ৰ আৰু অহা ১৭ আৰু ১৮ আগষ্টত ছাব্‌-জুনিয়ৰ খেল অনুষ্ঠিত হ’ব।

অধিক পঢ়ক

সকলো চাওক