কাঠমাণ্ডুত থকা ভাৰতীয় দূতাবাসে নেপাল পর্যটন ব’ৰ্ডৰ সহযোগত কালি প্ৰথম ভাৰত-নেপাল পর্যটন অধিবেশনৰ আয়োজন কৰে। এই অনুষ্ঠানত উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত মহাকুম্ভ ২০২৫ৰ প্ৰচাৰ আৰু ভাৰত আৰু নেপালৰ মাজত পাৰস্পৰিক পৰ্যটন ব্যৱস্থাক লাভান্বিত কৰিবলৈ সংযোগ সাধনৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল। নেপাল চৰকাৰৰ সাংস্কৃতিক, পর্যটন আৰু অসামৰিক বিমান পৰিবহণৰ ৰাজ্য মন্ত্ৰী অৰুণ কুমাৰ চৌধুৰীয়ে অধিৱেশন উদ্বোধন কৰে। উদ্বোধনী ভাষণত নেপাল পর্যটন ব’ৰ্ডৰ মুখ্য কাৰ্যবাহী বিষয়া দীপক ৰাজ যোশীয়ে ভাৰত, নেপাল অভিমুখী বিদেশী পৰ্যটকৰ সর্ববৃহৎ উৎস বুলি মন্তব্য কৰে। সাংস্কৃতিক, পৰ্যটন আৰু অসামৰিক বিমান পৰিবহণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী অৰুণ কুমাৰ চৌধুৰীয়ে কয় যে সীমান্তৰ সিপাৰৰ পৰ্যটক বিশেষকৈ স্থলপথেৰে অহা পৰ্যটকসকলৰ সংখ্যা পাৰিসাংখ্যিক ভাৱে ৰেকৰ্ড কৰা নহ’লেও এয়া নেপালৰ পৰ্যটন ক্ষেত্ৰলৈ বৃহৎ অৱদান হিচাবে পৰিগণিত হৈছে। তেওঁ লগতে দুয়োপক্ষই সীমান্তৰ সিপাৰৰ দূৰণিবটীয়া এলেকাসমুহত নাইবা দুর্গম অঞ্চলৰ সৈতে যোগাযোগ সাধন কৰাত গুৰুত্ব আৰোপ কৰাটো প্রয়োজন বুলি মন্তব্য কৰে। ভাৰতীয় দূতাবাসৰ ডেপুটি চীফ অৱ দ্য মিছন প্রসন্ন শ্রীবাস্তৱে দুয়ো দেশৰ মাজত পৰ্যটকৰ আহ যাহ বৃদ্ধি কৰাত বিশেষ ভূমিকা লোৱা সাধাৰণ আৰু ডিজিটেল সংযোগৰ বিষয়ে উল্লেখ কৰে ।তেওঁ লগতে দুয়ো দেশৰ পৰ্যটনৰ সম্ভাৱনা বৃদ্ধিৰ বাবে দেশদুখনৰ পৰস্পৰৰ প্ৰতিবেশী ৰাজ্যৰ সৈতে ধৰ্মীয় আৰু সাংস্কৃতিক পৰ্যটনৰ বিকাশতো গুৰুত্ব দিয়ে। উত্তৰ প্ৰদেশৰ পৰ্যটন বিভাগে মহাকুম্ভ ২০২৫ ৰ জৰিয়তে সনাতনী পৰম্পৰাত বিশ্বাসী আৰু এই মেলাৰ প্রতি আগ্রহী লোকক সামৰি লোৱাৰ প্ৰস্তুতি চলাইছে বুলি কালিৰ পৰ্যটন সন্মিলনত প্ৰকাশ কৰা হয়।সন্মিলনত ভাৰতৰ ১৩ গৰাকী প্ৰতিনিধি আৰু নেপালৰ ৬০ গৰাকী ট্যুৰ অপাৰেটৰে অংশ লয়।
Site Admin | December 11, 2024 2:33 PM | India | Kathmandu | Nepal