নেপাল আৰু তিব্বতত আজি পুৱা অহা ৭.১ প্রাবল্যৰ ভূমিকম্পৰ ফলত নিহতৰ সংখ্যা ১০০ৰ ঘৰ চুবগৈ পাৰে বুলি আশংকা কৰা হৈছে। নেপালৰ চৰকাৰী সূত্ৰই জনোৱা মতে কাঠমাণ্ডুৰ পৰা প্ৰায় ২৮০ কিলোমিটাৰ উত্তৰ দিশত আৰু এভাৰেষ্ট শৃংগৰ পৰা প্ৰায় ৯০ কিলোমিটাৰ দূৰত্বত অভিকেন্দ্ৰ থকা এই ভূমিকম্পৰ ক্ষয়-ক্ষতিৰ সম্পূৰ্ণ তথ্য এতিয়াও আহি নোপোৱাৰ বাবে চৰকাৰীভাবে নিহত সংখ্যা ঠাৱৰ কৰিব পৰা হোৱা নাই । চীনৰ চৰকাৰী নিউজ সংস্থা ঝিনহুৱাৰ মতে তিববতত নিহত লোকৰ সংখ্যা ৫৩ হৈছেগৈ। এই ভূমিকম্পৰ ফলত ভূটানৰ পৰাও ধন-জনৰ ক্ষতি হোৱাৰ বাতৰি আহিছে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে উত্তৰ আৰু উত্তৰ-পূব ভাৰতত আজি পুৱা প্ৰায় ৬ বাজি ৩৫ মিনিটত এটা ভূমিকম্পৰ জোকাৰণি অনুভূত হয়। তিববতৰ ঝিয়াং নামৰ ঠাইত উৎপত্তি হোৱা এই ভূমিকম্পৰ জোকাৰণি ভাৰতৰ ছিকিম, বিহাৰ আৰু উত্তৰবংগৰ বিভিন্ন স্থানৰ লগতে অসমতো অনুভূত হয়। উল্লেখযোগ্য যে, ২০১৫ চনৰ এপ্ৰিলত নেপালত হোৱা ৭ দশমিক ৮ প্রাবল্যৰ প্রচণ্ড ভূমিকম্পত প্ৰায় ৯ হাজাৰ লোকে প্ৰাণ হেৰুওৱাৰ উপৰি ২০ হাজাৰতৈকও অধিক লোক আহত হৈছিল।
Site Admin | January 7, 2025 9:10 PM | earthquake | Nepal EQ