নেপালৰ বাছ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা মহাৰাষ্ট্ৰৰ জলগাঁও জিলাৰ ২৪ গৰাকী লোকৰ মৃতদেহ আজি নিজ গাঁৱলৈ অনা হ’ব। মৃতদেহসমূহ প্রথম উত্তৰ প্ৰদেশৰ গোৰখপুৰলৈ অনা হ’ব। তাৰপৰা ভাৰতীয় বায়ুসেনাৰ বিমানেৰে মৃতদেহসমূহ মহাৰাষ্ট্ৰৰ নাচিকলৈ নিয়া হ’ব আৰু নিজ নিজ পৰিয়ালক ছমজাই দিয়া হ’ব। মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্রী একনাথ সিন্দেই কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহ আৰু অন্য জ্যেষ্ঠ বিষয়াসকলৰ সৈতে মৃতদেহসমূহ মহাৰাষ্ট্ৰলৈ ঘূৰাই অনাৰ বিষয় লৈ আলোচনা কৰিছিল। আলোচনা কালত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে সিন্দেক এই ক্ষেত্ৰত পূৰ্ণ সহায়ৰ আশ্বাস প্ৰদান কৰিছিল আৰু প্ৰক্ৰিয়াটোৰ ক্ষেত্ৰত সমন্বয় ৰক্ষা কৰাৰ বাবে এগৰাকীয়ে বিশেষ বিষয়াক নিয়োগ কৰিছিল। ইপিনে, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নেপালৰ টনহুঁ জিলাৰ পথ দূৰ্ঘটনাক লৈ গভীৰ শোকপ্ৰকাশ কৰিছে। শ্রীমোদীয়ে সামাজিক মাধ্যম যোগে কৈছে যে ভাৰতীয় দূতাবাসে প্রভাৱিত লোকসকললৈ সম্ভাব্য সকলো ধৰণৰ সহায় আগবঢ়াইছে। তেওঁ লগতে শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে আৰু আহতসকলৰ আশু আৰোগ্য কামনা কৰিছে । মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দেও নেপালৰ দূৰ্ঘটনাক লৈ গভীৰ শোকপ্ৰকাশ কৰিছে।
Site Admin | August 24, 2024 11:48 AM | Accident