ডাউনলোড
মোবাইল এপ

android apple
signal

September 23, 2024 8:28 PM | PM Meet

printer

নেপালৰ প্ৰধানমন্ত্ৰী, কুৱেইটৰ যুৱৰাজ, পেলেষ্টাইনৰ ৰাষ্ট্ৰপতিৰে দ্বিপাক্ষিক আলোচনা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ আমেৰিকা ভ্ৰমণৰ আজি দ্বিতীয় দিনা নেপালৰ প্ৰধানমন্ত্ৰী, কুৱেইটৰ যুৱৰাজ আৰু পেলেষ্টাইনৰ ৰাষ্ট্ৰপতিৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হয়। নেপালৰ প্ৰধানমন্ত্রী কে পি শৰ্মা অ’লিৰ সৈতে হোৱা বৈঠকত দুয়োগৰাকী নেতাই ভাৰত আৰু নেপালৰ মাজত থকা অনন্য আৰু দৃঢ় দ্বিপাক্ষিক সহযোগিতা সন্দৰ্ভত পৰ্যালোচনা কৰে। দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে উন্নয়ন অংশীদাৰিত্ব, জলবিদ্যুৎ সহযোগিতা আদি বিভিন্ন ক্ষেত্ৰত দুয়োদেশৰ মাজত হোৱা বুজাবুজি আৰু ডিজিটীয় তথা শক্তিৰ ক্ষেত্ৰসমূহৰ যোগাযোগ ব্যৱস্থাৰ উন্নীতকৰণ সন্দৰ্ভত সন্তোষ প্ৰকাশ কৰে। শ্ৰীমোদীয়ে আন্তৰাষ্ট্ৰীয় সৌৰ মিত্ৰতাৰ ১০১ সংখ্যক পূৰ্ণসদস্যৰূপে অন্তৰ্ভুক্ত হোৱাৰ বাবে নেপালক অভিনন্দন জ্ঞাপন কৰাৰ লগতে জলবায়ু পৰিৱৰ্তনৰ প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰাৰ দিশত আঞ্চলিক প্ৰতিক্ৰিয়াৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে ৷ উল্লেখযোগ্য যে ভাৰতৰ চুবুৰীয়া প্ৰথম নীতিৰ অধীনত নেপাল হৈছে এখন অগ্ৰাধিকাৰ অংশীদাৰ ৰাষ্ট্ৰ। ইয়াৰ পাছতে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কুৱেইটৰ যুৱৰাজ শ্বেইখ চাবাহ খালেদ অল হামাদ অল চাবাহৰ সৈতে বৈঠকত মিলিত হয়। বৈঠকত শ্রীমোদীয়ে কুৱেইটৰ সৈতে থকা ভাৰতৰ দ্বিপাক্ষিক সম্বন্ধৰ অপৰিসীম গুৰুত্বৰ বিষয়ে প্ৰকাশ কৰে। দুয়োগৰাকী নেতাই ভাৰত আৰু কুৱেইটৰ মাজত থকা শক্তিশালী ঐতিহাসিক বান্ধোনৰ কথা সোঁৱৰে। শক্তি আৰু খাদ্য সুৰক্ষাৰ ক্ষেত্ৰত দুয়োখন দেশে পৰস্পৰক প্ৰদান কৰি অহা সহযোগিতাৰ সন্দৰ্ভত নেতা দুগৰাকীয়ে সন্তোষ প্রকাশ কৰে। শ্ৰীমোদীয়ে কুৱেইটৰ যুৱৰাজগৰাকীক দেশখনত বসবাস কৰা ভাৰতীয় লোকসকলৰ কল্যাণ সুনিশ্চিত কৰাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে। আনহাতে, পেলেষ্টাইনৰ ৰাষ্ট্ৰপতি মহমুদ আববাছৰ সৈতে হোৱা দ্বিপাক্ষিক বৈঠকত প্রধানমন্ত্রী মোদীয়ে গাজাত উদ্ভৱ হোৱা অমানৱীয় পৰিস্থিতিৰ সন্দৰ্ভত গভীৰ উদ্বেগ প্রকাশ কৰে। তেওঁ লগতে পেলেষ্টাইনৰ নাগৰিকসকলৰ প্ৰতি ভাৰতৰ পূৰ্ণ সহযোগিতা থকাৰ কথা উল্লেখ কৰি তেওঁলোকলৈ মানৱীয় সাহায্য আগবঢ়াই যোৱাৰ আশ্বাস প্ৰদান কৰে।

অধিক পঢ়ক

সকলো চাওক