নেপালৰ কে পি শৰ্মা অ’লি চৰকাৰ আস্থাৰ ভোটত জয়ী

নেপালৰ কে পি শৰ্মা অ’লি চৰকাৰে দেশখনৰ নিম্ন সদন প্রতিনিধি সভাত দুই-তৃতীয়াংশ আস্থাৰ ভোট  লাভ কৰি জয়ী হয়। নিম্ন সদনৰ প্ৰতিনিধি সভাৰ মুঠ ২৬৩ সদস্যৰ মাজৰ উপস্থিত থকা ১৮৮ গৰাকী সদস্য ই চৰকাৰৰ সপক্ষে ভোট দিয়ে। উল্লেখ্য যে নেপালৰ সংবিধান অনুসৰি নৱনিযুক্ত প্রধানমন্ত্ৰীয়ে নিযুক্তিৰ ৩০ দিনৰ ভিতৰত সংসদত আস্থা প্ৰমাণ কৰিব লাগে । ৭২ বছৰীয়া প্ৰবীণ কমিউনিষ্ট নেতা কে পি শর্মা অলিয়ে সোমবাৰে চতুৰ্থবাৰৰ বাবে দেশখনৰ প্ৰধানমন্ত্ৰী হিচাপে শপত লৈছিল। ৰাষ্ট্ৰপতি ৰামচন্দ্ৰ প’দেলে দেশখনৰ সৰ্ববৃহৎ কমিউনিষ্ট পাৰ্টি চি পি এন- ইউ এম এলৰ অধ্যক্ষগৰাকীক নেপালী কংগ্ৰেছৰ সৈতে লগলাগি মিত্ৰজোঁট চৰকাৰ পৰিচালনাৰ দায়িত্ব অর্পণ কৰিছে। শ্রীঅ’লিয়ে পুষ্পকমল দাহাল চৰকাৰ পতনৰ পাছত নতুন চৰকাৰ গঠন কৰিছে। ২৭৫ জনীয়া প্রতিনিধি সভাত সংখ্যাগৰিষ্ঠতা প্ৰমাণৰ বাবে ১৩৮ গৰাকী সদস্যৰ সমৰ্থনৰ প্ৰয়োজন। নিম্ন সদনত নেপালী কংগ্ৰেছ আৰু চি পি এন- ইউ এম এলৰ ১৬৬ গৰাকী সদস্য আছে।

অধিক পঢ়ক

সকলো চাওক