প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ সংবিধান সদনৰ কেন্দ্ৰীয় প্ৰেক্ষাগৃহত আয়োজিত এটা অনুষ্ঠানত নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্ম বার্ষিকী উপলক্ষে মহান নেতাগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। লোকসভাৰ অধ্যক্ষ ওম বিৰলা, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, কংগ্ৰেছ সভাপতি মল্লিকার্জুন খাৰ্গে আৰু আন আন নেতাসকলেও শ্রদ্ধা জনায়। প্রধানমন্ত্রী মোদীয়ে অনুষ্ঠানত উপস্থিত থকা বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰে। শ্ৰী মোদীয়ে ভাষণ প্ৰসংগত কয় যে, কেন্দ্ৰীয় চৰকাৰে যোগান ধৰা এহেজাৰ দুশৰো অধিক ইলেকট্রিক বাছ দিল্লীত চলি আছে আৰু এনেধৰণৰ বহু সংখ্যক বাছৰ ব্যৱস্থা কৰা হ’ব। শ্ৰী মোদীয়ে জলবায়ু পৰিৱৰ্তন ৰোধ কৰাত পি এম সূৰ্যঘৰ যোজনাৰ ভূমিকা সন্দৰ্ভত ছাত্ৰ-ছাত্ৰীসকলৰ আগত ব্যাখ্যা কৰে। তেওঁ কয়, যে এই আঁচনিৰ অংশ হিচাপে ঘৰৰ চাদত সৌৰ পেনেল লগোৱা হয় আৰু এই পেনেলসমূহে সৌৰ শক্তিৰ জৰিয়তে বিদ্যুৎ উৎপাদন কৰে। ফলস্বৰূপে বিদ্যুৎ মাচুল ৰাহি হয়। তেওঁ লগতে কয়, যে এনে ধৰণে উৎপাদন কৰা বিদ্যুৎ বৈদ্যুতিক বাহনত ব্যৱহাৰ কৰি জৈৱ ইন্ধন আৰু প্ৰদূষণৰ পৰা হাত সাৰিব পাৰি। সৌৰ পেনেলৰ জৰিয়তে ঘৰত উৎপাদিত বিদ্যুৎ ৰাহি হ’লে সেইখিনি চৰকাৰক বিক্ৰী কৰিব পাৰি বুলি প্ৰকাশ কৰি শ্ৰী মোদীয়ে কয়, যে ইয়াৰ বাবে তেওঁলোকক আর্থিক অনুদানো প্ৰদান কৰা হ’ব।
Site Admin | January 23, 2025 8:15 PM | PM Bose