ডাউনলোড
মোবাইল এপ

android apple
signal

January 23, 2025 7:43 PM

printer

নেতাজী সুভাষ চন্দ্ৰ বসুলৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাৰ স্মৰণ

অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনত আজি নেতাজীক স্মৰণৰ বাবে কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই জন্মবার্ষিকীত নেতাগৰাকীক স্মৰণ কৰি দিয়া এটা বাৰ্তাত নেতাজীৰ জীৱন আৰু আদৰ্শই প্ৰতিগৰাকী ভাৰতীয়ক ৰাষ্ট্ৰসেৱাত উৎসর্গিত হ’বলৈ অনুপ্ৰাণিত কৰে বুলি মন্তব্য কৰে। জাপান ভ্ৰমণৰত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে জাপানতে নেতাজীয়ে আজাদ-হিন্দ ফৌজৰ বীজ ৰোপণ কৰিছিল। ব্ৰিটিছ শাসকৰ দমনকাৰী নীতিৰ সাহসেৰে প্ৰত্যুত্তৰ দিয়া নেতাজীৰ বীৰত্বক চিৰদিন ভাৰতবাসীয়ে স্মৰণ কৰিব বুলি তেওঁ উল্লেখ কৰে। জাপানত থকা ভাৰতীয় দুতাবাসত নেতাজীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে আয়োজিত এটা অনুষ্ঠানতো তেওঁ অংশ লয়।
ত্ৰিপুৰাত আজি নেতাজীৰ জয়ন্তী উপলক্ষে ৰাজ্যখনৰ জনসাধাৰণে নেতাগৰাকীৰ প্ৰতি গভীৰ শ্রদ্ধা নিবেদন কৰে। ৰাজ্যখনৰ ৰাজধানী আগৰতলাত আজি নেতাজী সুভাষ বিদ্যানিকেতনৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে অন্যান্য বিদ্যালয়ৰ ছাত্ৰ- ছাত্রীয়ে এটা শোভাযাত্রা উলিয়ায়। উল্লেখযোগ্য যে ১৯৫১ চনৰে পৰা এই বিদ্যালয়সমূহে নেতাজীৰ জয়ন্তী পালন কৰি আহিছে। ৰাজ্যখনৰ মুখ্যমন্ত্রী ড০ মানিক সাহাই আজি নেতাজীৰ জন্মবার্ষিকী উপলক্ষে আয়োজিত এটা অনুষ্ঠানত অংশ লৈ ভাৰতৰ স্বাধীনতা সংগ্ৰামত তেওঁৰ অৱদানৰ কথা স্মৰণ কৰে। ড০ সাহাই কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰ ক্ষমতালৈ অহাৰ পাছত নেতাজীৰ প্ৰতি নজিৰবিহীনভাৱে শ্ৰদ্ধা প্ৰদৰ্শন কৰা হৈছে। দেশবাসী নেতাজীৰ আদৰ্শৰে এতিয়াও পৰিচালিত হয় বুলি তেওঁ মন্তব্য কৰে। আজি ত্ৰিপুৰাত এই শোভাযাত্ৰাত নিচামুক্ত ত্ৰিপুৰা মানসিক স্বাস্থ্য আৰু যোগাভ্যাসত গুৰুত্ব আৰোপ কৰি প্ৰতীকপট প্ৰদৰ্শন কৰা হয়। ৰাজ্যখনৰ ৰাজ্যপাল ইন্দ্ৰসেনা ৰেড্ডী নাল্লুৱেও আজি নেতাজীৰ জন্মবার্ষিকী উপলক্ষে শ্রদ্ধা নিবেদন কৰি দিয়া ভাষণত নতুন প্ৰজন্মক নেতাজীৰ আদৰ্শৰে অনুপ্ৰাণিত হ’বলৈ আহ্বান জনায়।

অধিক পঢ়ক

সকলো চাওক