কেন্দ্ৰীয় সমবায় আৰু গৃহমন্ত্ৰী অমিত শ্বাহে কুঁহিয়াৰৰ উপৰি ভঙা চাউল, অপচয় হোৱা ফল, বাঁহ আদিৰ দৰে উৎস ব্যৱহাৰ কৰি ইথানল উৎপাদনৰ ক্ষেত্ৰত বহুমুখী, ভৱিষ্যত সম্বন্ধীয় পদ্ধতি গ্ৰহণ কৰিবলৈ আহ্বান জনায়। আজি নতুন দিল্লীত অনুষ্ঠিত হোৱা নেচনেল ফেডাৰেশ্যন অব্ ক’পাৰেটিভ ছুগাৰ ফেক্টৰী লিমিটেডৰ এখন বৈঠকত ভাষণ দি শ্ৰী শ্বাহে কয় যে, ইথানলৰ উৎপাদন এক লাভজনক ব্যৱসায় আৰু আগন্তুক কিছু বছৰত দেশক এহেজাৰ কোটি লিটাৰ ইথালনৰ প্ৰয়োজন হ’ব। তেওঁ লগতে কয় যে, জৈৱ ইন্ধন হিচাপে পেট্ৰ’লত ইথানল মিশ্ৰণৰ সীমা বৃদ্ধি কৰা হৈছে। শ্ৰী শ্বাহে কয় যে, চৰকাৰে ২০৩০ চনৰ ভিতৰত পেট্ৰ’লত ২০ শতাংশ ইথানল মিশ্ৰণৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে লগতে ভৱিষ্যতলৈ এই মিশ্রণ ২৬ শতাংশলৈ বৃদ্ধি হ’ব বুলিও উল্লেখ কৰে। ইথানল ৰপ্তানিৰ সুযোগ সৃষ্টি কৰাৰ উদ্দেশ্যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত গোলকীয় জৈৱ ইন্ধন জোঁট গঠন কৰা হৈছে বুলি শ্ৰী শ্বাহে জানিবলৈ দিয়ে আৰু ইয়াৰ ফলত কৃষকসকলো উপকৃত হ’ব। শ্ৰী শ্বাহে গুৰুত্ব আৰোপ কৰি কয় যে, ভৱিষ্যতে ইথানলৰ ৰপ্তানি আৰু উৎপাদনৰ ক্ষমতা বৃদ্ধিৰ বাবে দেশ সাজু হ’ব লাগিব।
Site Admin | August 10, 2024 7:38 PM | Amit Shah